ভাৰাতীয়া পংগু- কাজি শ্বাহাদত ইছলাম

pc- dreamstime.com
ভাৰাতীয়া পংগু
 “ৰাইজ,অতি দুখেৰে আপোনালোকক জনাওঁ যে এই মানুহজনৰ ই-ৰিক্সাখন যোৱা ৰাতি চুৰ হৈ গ’ল।বেচেৰাৰ দুখন ভৰি নাই,কোনোমতে ই-ৰিক্সাখন চলাই জীৱিকা উপাৰ্জন কৰি চলি আছিল। অনুগ্ৰহ কৰি আপোনালোকে যি পাৰে তেখেতৰ একাউন্টত পঠাই দিয়ক। আৰু যিমান পাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ পুণ্য হ’ব। স্ক্ৰীনত বেংক একাউন্ট নাম্বাৰ দি দিয়া হৈছে।”
-পৰ্টেল চেনেলৰ ৰিপোৰ্টাগৰাকীয়ে কান্দি কান্দি কৰা বাতৰিটো পাই অসম তথা অসমৰ বাহিৰৰ বিভিন্ন মানুহে এদিনৰ ভিতৰতে পংগু মানুহজনৰ বেংক একাউন্ট টকাৰে উপচাই পেলালে। দুদিন পিছতে অন্য এটা বাতৰি চাই ৰাইজে বুজিবলৈ একো বাকী নাথাকিল।
কাজি শ্বাহাদত ইছলাম
 দক্ষিণগাঁও, কাহিলীপাৰা