ভাৰসাম্য-গৌতম শৰ্মা

ভাৰসাম্য-গৌতম শৰ্মা

সদ্য বিবাহিত বন্ধুবৰে বিয়াৰ পিছত মুখামুখি হোৱা পৰিস্থিতি কিছুমানৰ বিষয়ে আলেচনা কৰিছিলোঁ | সমাজখনক বুজাই কব নোৱাৰা বহু কথাই আবেগ বিহ্বলহৈ কৈ গ’ল সি | নীলা ডিম লাইটত জীপাল হৈছিল ভাৰসাম্য ৰক্ষাৰ যুজত পুৰুষ এজনৰ মানসিক অনন্তৰদণ্ড |

“বিয়াৰ পিছত সদায় মই ভাত বনাই খুৱাব নোৱাৰিম দেই, জানাই মই বনাই ভাল নাপাও,অফিচত ও ইমান কাম”… চাকৰিয়াল ঘৈণীয়েকে তাক তেতিয়াই তাক এইষাৰ সাবধানবাণী শুনাইছিল | তাইক অলপ সহায় কৰি দিও বুলি সি মাজে মাজে পাকঘৰত সোমাই আজিকালি | মাকে ভিতৰৰ পৰা ভোৰভোৰাই “আগতেতো বোপাই পানী বটলটোও মইয়েই বেগত ভৰাই দিও, দিয়াশলাইকাঠি এটা জ্বলাই নেপালি , এতিয়া মোবাইলত চাই চাই হলেও জালুকদিয়া মূৰ্গীমাংস বনাবলৈ শিকিছে , ইইউটুব ফুইটুবত”.. সি কোনো ফালে একো নেমাতে..

” ৱাছিং মেছিন আজিকালি কাৰ নাথাকে অ, লগৰ সকলোৱে লৈছে ” ঘৈণীয়েকে তাক বহুদিনৰ পৰা কৈ আছে | বিয়াৰ আগৰ পৰাই সি আনিম আনিম বুলি ভাৱি আছিল, ঘৰত কাৰোঁ উৎসাহ নেদেখি কথাটো তল পৰি যায়, এতিয়া দৰকাৰী বুলি ভাবিয়ে সি সিদিনা ৱাছিং মেছিন এটা আনিলে | কাষৰ খুড়ীয়ে নতুন বস্তু চাব আহি মাকক লাহেকৈ কৈ গ’ল “বোলো অত দিনে দ’মে দ’মে চাৰ্ট পেন্ট ধুই ধুই আপোনাৰ হাতৰ ৰেখা নোহোৱা হ’ল, আমিতো দেখিয়ে আছোঁ, ল’ৰাৰ উপলব্ধিটো কিন্তু এতিয়াহে হৈছে, মানে বিয়াৰ পিছত আৰু”….
সি বুজি পায় , বৰ্তমান সি কাৰ্গিল সীমান্তৰ দৰে স্পৰ্শকাতৰ আৰু সংবেদনশীল পজিছন এটাত ঠিয় হৈ আছে ! অলপ আগুৱাই গলেই গোলাবৰ্শণ অলপ পিছুৱাই আহিলে সি দেশদ্ৰোহী । কিন্তু যুজত নামিছে যেতিয়া পলায়ন কৰিব নোৱাৰে | গতিকে সি মনে মনেই থাকে, “ভাৰসাম্যটো এনেকৈয়ে ৰাখিৱ লাগিৱ”.. |

তাৰ মৌনতাত উফণ্ডি উঠে অজস্ৰ আবেগ , সেয়া ঘৰ খন বান্ধি ৰখাৰ স্বাৰ্থত…

ঋষভ
26/04/21