ভাৰতৰ ফৰেক্স ৰিজাৰ্ভ ১.৮ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৬১১.৮ বিলিয়ন ডলাৰৰ উচ্চতা স্পৰ্শ কৰি ই সৃষ্টি কৰিছে এক নতুন অভিলেখৰ

pc Swarajya

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰকাশ কৰা তথ্য অনুসৰি, ৯ জুলাইত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ ‘বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ’ ১.৮৮ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৬১১.৮৯ বিলিয়ন ডলাৰৰ উচ্চতা স্পৰ্শ কৰি এক অভিলেখ সৃষ্টি কৰে। সামগ্ৰিক সঞ্চয়ৰ এক মুখ্য উপাদান বিদেশী মুদ্ৰা সম্পদ ১.২৯ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৫৬৮.২৮ বিলিয়ন ডলাৰ হৈছেগৈ। এই সময়ছোৱাত সোণৰ ভাণ্ডাৰ ৫৮৪ নিযুত ডলাৰ বৃদ্ধি হৈ ৩৬.৯৫ বিলিয়ন ডলাৰ হৈছে।

(UD.)