ভাৰতৰ আক্ৰমণত দুৰ্ধৰ্ষ সন্ত্ৰাসাদী মাছুদ আজহাৰৰ সম্পূৰ্ণ পৰিয়াল নিহত

ভাৰতৰ আক্ৰমণত দুৰ্ধৰ্ষ সন্ত্ৰাসাদী মাছুদ আজহাৰৰ সম্পূৰ্ণ পৰিয়াল নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনাৰ আক্ৰমণত কান্দাহাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড দুৰ্ধৰ্ষ সন্ত্ৰাসাদী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১০ সদস্য নিহত।  মাছুদৰ ভগ্নীসহ ১০ সদস্য নিহত হয় এই আক্ৰমণত৷ প্ৰতিবেদন অনুসৰি ভাৰতীয় সেনাই নিশা প্ৰায় ১.৩০ বজাত ভাৰতীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাহাবলপুৰৰ মাছুদ আজাহাৰৰ ঘৰত আক্ৰমণ চলায় । এই আক্ৰমণত মাছুদৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়, য’ত তেওঁৰ সমগ্ৰ পৰিয়াল শুই আছিল । প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় সেনাৰ আক্ৰমণত সম্পূৰ্ণৰূপে নিঃশেষ হয় মাছুদ আজহাৰৰ পৰিয়াল। তেওঁৰ পৰিয়ালৰ ১০জন সদস্যৰ মৃত্যু হয়। ইয়াৰ ভিতৰত তেওঁৰ ভগ্নীও আছে। যোৱানিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯ স্থানৰ ২১টা সন্ত্ৰাসবাদীৰ ঠিকনাত বোমাবৰ্ষণ কৰে। ইয়াৰ ফলত কেইবাটাও সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। সেনাই বাচি বাচি সন্ত্ৰাসবাদীৰ ঠিকনাক টাৰ্গেট কৰি আক্ৰমণ চলায়।অৱশ্যে আক্ৰমণৰ সময়ত ঘৰত উপস্থিত নাছিল মাছুদ আজাহাৰ ।