ভাৰতীয় সেনাৰ সৈতে হোৱা সংঘৰ্ষত দুজন জেইছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদী নিহত

Pc Defence Aviation Post

Pc Defence Aviation Post

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু–কাশ্মীৰৰ বাৰামুল্লাত জেইছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই এনকাউণ্টাৰ কৰে। আৰক্ষীৰ সূত্ৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হয়। এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন আৰম্ভ কৰাৰ পিছত নিশা চোপোৰ চহৰৰ বোমাই অঞ্চলত উক্ত সংঘৰ্ষটো সংঘটিত হৈছিল। অভিযানটোত সেনাৰ হাতত দুটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন অসামৰিক লোকো আঘাতপ্ৰাপ্ত হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সন্ত্ৰাসবাদীকেইটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ সৈতে জড়িত আছিল আৰু সিহঁতে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰি আছিল। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে টুইট কৰি কয় যে নিহত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীকেইটা চোপোৰ চহৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছে।