অনলাইন বাৰ্ত্তাসেৱা – কিংফিছাৰ এয়াৰলাইনছে সংগ্ৰহ কৰা ৯১ বিলিয়নতকৈও অধিক টকা ঋণ ইচ্ছাকৃতভাৱে পৰিশোধ নকৰাৰ বাবে মুঠ ১৭ টা বেংকে বিজয় মালিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। প্ৰৱৰ্তন সঞ্চালকালয়ৰ এক বিবৃতি অনুসৰি, ভাৰতৰ বেংকসমূহে ডিফল্টাৰ তথা প্ৰাক্তন কোটিপতি বিজয় মালিয়াৰ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডৰ অংশীদাৰিত্ব বিক্ৰী কৰি ৭১.৮২ বিলিয়ন (৯৬৭ নিযুত ডলাৰ) সংগ্ৰহ কৰে। বিজয় মালিয়াই তেওঁলোকক প্ৰৱঞ্চনা কৰা বুলি বেঙ্কে অভিযোগ কৰাৰ পিছত প্ৰৱৰ্তন সঞ্চালকালয়ে শ্বেয়াৰবোৰ জব্দ কৰে। ইউনাইটেড ব্ৰুৱেৰীজৰ ৫৮.২৫ বিলিয়ন মূল্যৰ অংশীদাৰীত্বৰ বেছিভাগ বিক্ৰী কৰা হয়, আনহাতে ২০১৯ চনত ১৩.৫৭ বিলিয়ন মুকলোৱা হৈছিল। বাকী ৮ বিলিয়ন শ্বেয়াৰ অহা দুদিনৰ ভিতৰত বিক্ৰী হ’ব বুলি আশা কৰা হৈছে, তদন্ত সংস্থাটোৱে কয়।
ভাৰতীয় বেংকসমূহে বিজয় মালিয়াৰ পৰা মুকলি কৰে প্ৰায় ১ বিলিয়ন ডলাৰ
![pc The Economic Times](https://rongilibarta.com/wp-content/uploads/2021/06/pc-The-Economic-Times-6-300x225.jpg)