ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন

Pc Wikipedia

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্য্যালয়ৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত ১৩৯ সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ লগতে দেশ প্ৰেমমূলক সমবেতগীত পৰিৱেশন কৰি প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়৷ উক্ত জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই আৰু লগত উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, কামৰূপ মহানগৰ কংগ্ৰেছ কমিটীৰ সভাপতি নৱ তালুকদাৰ প্ৰমুখ্যে আন কংগ্ৰেছ দলৰ কৰ্মী সকল সহ প্ৰায় ৪০ জন লোক উপস্থিত থাকে৷