অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মা, ফাইজাৰে ভাৰতৰ সৈতে এণ্টি-কোভিড-১৯ ভেকছিন যোগান ধৰাৰ বাবে কৰা চুক্তিৰ অন্তিম পৰ্যায়ত উপনিত হৈছে, CEO ডঃ এলবাৰ্ট বাৰ্লাই কয়, ভাৰতীয় লোকসকলক টিকাকৰণৰ বাবে ঘৰুৱাভাৱে নিৰ্মিত ভেকছিনবোৰ হ’ব মেৰুদণ্ডস্বৰূপ। আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰত চেম্বাৰ অফ কমাৰ্চে আয়োজন কৰা ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ো ফাৰ্মা আৰু স্বাস্থ্যসেৱা সন্মিলনৰ ১৫ তম সংস্কৰণত ভাষণ দি ড০ বাৰ্লাই লগতে কয় যে ফাইজাৰে ভাৰতৰ লগতে মধ্য আৰু নিম্ন আয়ৰ দেশসমূহে এনে ধৰণৰ অতি কমেও দুই বিলিয়ন ভেকছিনৰ পালি লাভ কৰিব বুলি এক নিৰ্দিষ্ট পৰিকল্পনা কৰিছে।
ভাৰতলৈ ভেকছিন যোগানৰ চুক্তিৰ অন্তিম পৰ্যায়ত ফাইজাৰ
