ভাৰতত ৯৪৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc CNN

ভাৰতত ৯৪৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯৪৯ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। ৬ জন লোকৰ যোৱা ২৪ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২১,৭৪৩ জনলৈ বৃদ্ধি হয়।আনহাতে ভাৰতত বৰ্তমান ১১,১৯১ টা সক্ৰিয় ঘটনা আছে। দেশখনত যোৱা ২৪ ঘণ্টাত ৮১০ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।