ভাৰতত ৫,৭৮৪ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫,৭৮৪ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ২৫২জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৫,৮৮৮ জনলৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৮৮,৯৯৩টা সক্ৰিয় ঘটনা আছে। আনহাতে দানিক পজিটিভৰ হাৰ ০.৫৮%।