ভাৰতত ৩৫ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc- CDC

ভাৰতত ৩৫ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,২৫৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ নতুনকৈ ৩৫ জন লোকৰ মৃত্যু হৈছে। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,০৭০ জনলৈ বৃদ্ধি হৈছে। আনহাতে সক্ৰিয় ঘটনা ১৫,৩৭৮ লৈ হ্ৰাস পাইছে।