ভাৰতত ১৮,৯৩০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

Pc- The World Economic Forum

ভাৰতত ১৮,৯৩০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৮,৯৩০ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে।১৪,৬৫০ জন লোক যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৫ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৫,৩০৫ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,১৯,৪৫৭ লৈ বৃদ্ধি ।