ভাৰতত ১০,৫৪৯ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

Pc-Mayo Clinic

ভাৰতত ১০,৫৪৯ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,৫৪৯ জন লোক কৰʼনাত নতুনকৈ সংক্ৰমিত হৈছে। যোৱা ২৪ ঘণ্টাত ৪৮৮ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্য হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৬৭,৪৬৮ লৈ বৃদ্ধি হৈছে।নতুন ঘটনাৰ সৈতে, ভাৰতত এতিয়ালৈ মুঠ ৩,৪৫,৫৫,৪৩১ জন লোক কৰʼনা ভাইৰাছত সংক্ৰমিত হৈছে। আনহাতে ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,১০,১৩৩টা আছে।