ভাৰতত প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা নিশ্চিত

Pc The Hindu

ভাৰতত প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা নিশ্চিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত মাঙ্কিপক্সৰ প্ৰথম ঘটনাটো কেৰালাৰ কোল্লামত পোৱা বুলি নিশ্চিত কৰা হৈছে।ব্যক্তিজন ইউ.এ.ই.ৰ পৰা ১২ জুলাইত ৰাজ্যখনত উপস্থিত হৈছিল। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয়, “তেওঁ ত্ৰিবান্দ্ৰম বিমানবন্দৰত উপস্থিত হৈছিল আৰু বিশ্ব স্বাস্থ্য সংস্থা আৰু আইচিএমআৰে জাৰী কৰা নিৰ্দেশনা অনুসৰি সকলো পদক্ষেপ লোৱা হৈছে।” তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।