ভাৰতত নতুনকৈ ৩,৬৮৮ জন লোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৬৮৮ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৫০ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৩,৮০৩ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ১৮,৬৮৪ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ২,৭৫৫জনলোক সুস্থ হৈ উঠিছে।