ভাৰতত কোভিড-19 যুঁজৰ বাবে ১৩৫ কোটি টকাৰ অৰিহণা যোগাব গুগলে

 

নতুন দিল্লীঃ ভাৰতত কৰোনা ভাইৰাছৰ ঘটনা অভূতপূৰ্ব হাৰত বৃদ্ধি হোৱাৰ মাজতে গুগলে চিকিৎসা যোগানৰ বাবে আৰু সাধাৰণ জনতাক সহায় কৰিবলৈ ১৩৫ কোটি  টকা পুঁজি প্ৰদান কৰিব বুলি মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে জনায়। গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া পিচাইয়ে টুইট কৰি জনাই .যে “ভাৰতত অৱনতি হোৱা কোভিড সংকট দেখি বিধ্বস্ত হৈ পৰিছো। গুগল আৰু গুগলাৰসকলে  চিকিৎসা যোগানৰ বাবে আৰু উচ্চ বিপদাশংকা থকা সম্প্ৰদায়ক  সংগঠন আৰু গুৰুত্বপূৰ্ণ তথ্য বিয়পাত সহায় কৰিবলৈ অনুদানৰ বাবে  ১৩৫ কোটি টকা ৰ পুঁজি প্ৰদান কৰি আছে।”