ভাল পাওঁ মই তোমাক – লখিমী শৰ্মা

Pc Freepik
ভাল  পাওঁ  মই  তোমাক 
ভবাটো  নাছিলোঁ
    এনে এটা দিন আহিব বুলি
যিয়ে সঁচা অন্তৰেৰে
   মোক আকোৱালি ল’ব বুলি
সঁচা ভালপোৱা নো কি
    তেওঁ আজি মোক
সেই কথা বুজাই দিলেহি
          মোক নিৰৱে আহি
  অজস্ৰ হেঁপাহেৰে
মৰমৰ এনাজৰীৰে
বান্ধি নিলেহি মোক
      গোপনে আহি
কাণে কাণে কৈ গ’ল
    হৃদয়ৰ বেথা
    মনতে সাৱটি
হৃদয়ৰ দুৱাৰদলিৰ
সঁচা প্ৰেম , ভালপোৱা
শিহৰণ জগাই দিলাহি যে
তুমি মোক ভালপোৱা
বহু ৰাতি উজাগৰে
কান্দি কান্দি
প্ৰকাশ কৰিছিল
ভালপোৱাৰ সঁচা
আবেগ অনুভূতি
স্বাৰ্থপৰ মইজনীয়ে
নুবুজিছিলোঁ তেওঁৰ
মনৰ বেথা
যদিও কেতিয়াবা
ক্ষমা কৰাৰ প্ৰয়াসেৰে
আকোৱালি ল’ব খোজে
আকৌ নিৰৱে আহি
দুখমনে ব্যক্ত কৰি
অবুজন হৈ আকৌ
আঁতৰিব খোজে
মোৰ হৃদয়ৰ পৰা
দিব নোখোজো মই
আঁতৰাই  তেওঁক
মোৰ হৃদয়ৰ পৰা
কৈ যোৱা কথাক সুৱৰাই
উচুপি উঠে মাজৰাতি
অশ্ৰু নিগৰাই
প্ৰকাশ কৰে
মূৰ দাঙি
সঁচা হৃদয়ৰ ভালপোৱাৰ
পৰিধি কিমান
পাৰিবা জানো জুখিব তুমি
ইয়াক আজি
তোমাৰ দুচকুৰ অশ্ৰুৰ
বেদনাত হ’লো
মই আজি আবেগিক
ল’লো আকোৱালি
মই তোমাক
আজীৱনলৈ বুলি  ।।।।
 লখিমী শৰ্মা
 যোৰহাট