ভালপোৱা : হৃদয়ৰ গোপন অনুভূতি
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
ভালপোৱা -এক গভীৰ অনুভূতি।য’ত কেৱল আৱেগৰে নহয়, বিশ্বাস, আস্থা, ভৰষা আৰু যত্নৰো প্ৰয়োজন।কিন্তু কেতিয়াবা কিছু মানুহ অধিক মাছত বগলী কণাৰ দৰে হৈ পৰে। তেঁওলোকৰ জীৱনত সুখৰ সেঁতু থকাৰ পাছতো নৈৰ পানীৰ মাজত সোমাই যায় অন্ধৰ দৰে।পোৱাখিনিক লৈ সুখী হোৱাৰ সলনি নোপোৱা খিনিৰ পিছে পিছে দৌৰি ফুৰা আমি মানু্হ বোৰৰ এক জটিল সমস্যা। মেৰামতিৰ দৰকাৰ পৰা বস্তুবোৰক আমি দলিয়াই দি বিকল্প বিচাৰি যাওঁ। সম্পৰ্কৰ ক্ষেত্ৰতো একেই।
বহু দিন ধৰি অচিনাকী চৰাই এটাক নিজৰ লগত ৰাখি পুহিলে সেই চৰাই নিজৰ হৈ যায়। তাক ৰাখিবলৈ সঁজাৰ প্ৰয়োজন নপৰে। দূৰ আকাশলৈ উৰি যোৱাৰ পাছতো দিন শেষত নিজৰ ঘৰলৈ ঠিক উভতি আহে। যদি সুযোগৰ অপব্যৱহাৰ কৰি আৰু কেতিয়াও উভতি নাহে, গুছি যায় স্বাৰ্থপৰতাৰ মুখট পিন্ধি, তেন্তে জানিব সেই চৰাই জনী কেতিয়াও আপোনাৰ আপোন নাচিলেই। আপোন হোৱাৰ ভাও হে জুৰি আছিল অত দিনে।
স্বাৰ্থ শেষ হোৱাৰ পাছতেই, আৰু প্ৰয়োজনৰ অন্তত আপোনাক চিনি নোপোৱা হৈ পৰা কথাটো খুব এটা আচৰিত নহয়।
মানুহকো ধৰি বান্ধি আৱদ্ধ কৰি ৰখাটো অনুচিত।মুক্ত পক্ষীৰ দৰে তেঁওক উৰিব দিব লাগে। সঁচাকৈয়ে তেঁও আপোনাৰ আপোন জন হ’লে এৰি নাযায়। সুখে দুখে সদায় কাষত থাকিব ।
সম্পৰ্কটিৰ মূল শিপাডাল মজবুত নহ’লে বিশ্বাস, মৰম প্ৰতিশ্ৰুতি বোৰো মূল্যহীন হৈ পৰে। গছজোপা এদিন উঘালি পৰিবই পৰিব।
ভালপোৱা হ’ল দুজন মানুহৰ একে লগত খোজ দিয়া, অমসৃণতাক নেওচি পাৰ হোৱা এক দীঘলীয়া পথ। এজনে যদি খোজ পেলায় আন জনে যদি পিছুৱাই নিয়ে তেন্তে ই কেনেকৈ পূৰ্ণতা লাভ কৰিব,,?
আপুনি যিমান খিনি নিজৰ ফালৰ পৰা কৰি আছে তেওঁৰ বাবে, যত্ন, মৰম,ভালপোৱাৰে উপচাই দিলেও কি হ’ব, সম্পৰ্ক এটা জীয়াই থাকে দুয়োজনৰ ইচ্ছাৰ উপৰত। তাৰে এজনৰ ইচ্ছা শক্তি লোপ পালে ই লাহে লাহে বিচ্ছেদৰ ৰূপ লয়। হাজাৰ চেষ্টাৰ তেওঁ আৰু আপোনাৰ হৈ নাথাকে।