ভালপোৱাৰ বতৰা – নাচিমা য়াচমিন

ভালপোৱাৰ বতৰা

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

তোমাৰ চকুত বিচাৰি পাওঁ,
সপোনবোৰৰ সেউজী ছাঁ,
 হেঁপাহৰ সিপাৰতে
সাজি ৰাখিছোঁ বাঁহ।
বুকুৰ মাজৰ অযুত মৰম
তোমাৰ সোঁৱৰণিত গাঁঠি যাওঁ,
গল্প, উপন্যাস, কবিতাখিনি
তোমাৰ নামত লিখি থওঁ।
প্ৰেমৰ সুবাস বিয়পি পৰে ,
নানান ফুলৰ মাদকতাত,
হৃদয়ৰ সুৰ  মিলি যায়,
তোমাৰ নামৰ গীতত।
ভালপোৱাৰ এই মৰমৰ অনুভৱ
সজাই ৰাখিম সদায় হৃদয়ত,
সপোন, আশাৰে ভৰা জীৱন,
 কটাব বিচাৰোঁ তোমাৰেই লগত।