ভালপোৱাৰ দাম – পাৰ্থপ্ৰতীম শৰণীয়া

pc Georgia News Daily

ভালপোৱাৰ দাম

পাৰ্থপ্ৰতীম শৰণীয়া

আজিকালি ভালপোৱাৰ যথেষ্ট দাম
সন্ধিয়া এপেগ দুপেগ কৰি গিলি যোৱা
টনিকখিনি
ৰিফ্ৰেছ হোৱাৰ অজুহাতত জ্বলোৱা
চিগাৰেটটো
বহু সস্তীয়া।
তথাপি মন যায়
কাৰোবাৰ স’তে কোনোবা নিজান ঠাইত
মণিকোঠাৰ অস্ফুট লহৰ বিলাবলে,
নীলিম অসীম আকাশৰ বুকুত
অজস্ৰ মেঘৰ টুকুৰাবোৰ আঙুলিয়াই
দীপ্ত জোনটো দেখুৱাবলে
মোৰো মন যায়,
কিন্তু আজিকালি ভালপোৱাৰ যথেষ্ট দাম।
প্ৰহৰ,প্ৰভাত,নিৰিবিলি জোনাক
আৰু সময়ৰ দুই এটি মোহনা
অবুজন নিসংগতা,
সম্ভৱত তুমি আহি পূৰাবা এই সময়।