ভয়াৱহ প্ৰদূষণৰ কবলত দেশৰ ৰাজধানী দিল্লী

ভয়াৱহ প্ৰদূষণৰ কবলত দেশৰ ৰাজধানী দিল্লী

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াক অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয় ৷ ৰাজধানী চহৰখনৰ বায়ুৰ গুণগত মান ইতিমধ্যে ৪২৯ৰ সীমা অতিক্ৰম কৰিছে।মঙলবাৰলৈ AQI ৩৩৪ আছিল যদিও বুধবাৰে বায়ুৰ গুণগত মান ৪২৯ হয় । এই বায়ু মান দিল্লীৰ বাসিন্দা সকলৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক হৈ পৰিছে। বায়ু মান সুচাংক ২০০-৩০০ৰ ভিতৰত থাকিলেই অতি বেয়া বুলি ধৰা হয়। তেনে ক্ষেত্ৰত ৪০০ অতিক্ৰম কৰাটো অতি চিন্তনীয় হৈ পৰিছে। বুধবাৰে পুৱা দিল্লী, নয়ডা, গাজিয়াবাদ, গুৰুগ্ৰাম আৰু ফৰিদাবাদত লক্ষ্য কৰা গৈছে ঘন ধোঁৱাৰ স্তৰ। ইয়াৰ ফলত পুৱা ৭ বজাৰ পৰা দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে সাতখন বিমানে। এই বিমানবোৰৰ ৬খন জয়পুৰ আৰু এখন লক্ষ্নৌলৈ পঠিয়াই দিয়া হয়। দিল্লীৰ প্ৰদূষণ ভয়াৱহভাবে বৃদ্ধি পালেও তুলনামূলকভাৱে নয়ডা, গাজিয়াবাদ, গুৰুগ্রাম আদি চহৰবোৰত পৰিস্থিতি কিছু ভাল আছিল। দিল্লীৰ এই পৰিস্থিতি অৱশ্যে হঠাতেই এনে পর্যায়লৈ অহা নাই। যোৱা মাহৰ শেষ ভাগতেই দিল্লীত প্ৰদূষণৰ মাত্রা বৃদ্ধি পাবলৈ ধৰে। বতাহৰ গুণমানসূচকো কমি আহিছে ধাৰাবাহিকভাৱে। পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কৃষিভূমিত ফচলৰ আৱৰ্জনা পৰাৰ ফলতেই ৰাজধানী দিল্লীত প্ৰদূষণৰ মাত্ৰাই ‘মাৰাত্মক’ ৰূপ ধাৰণ কৰিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে তীব্র ভর্ৎসনাও কৰিছে। পৰিস্থিতিৰ মোকাবিলাৰ বাবে দিল্লীৰ প্ৰদূষণ নিয়ন্ত্রক কমিটীৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰি ২০২৫ চনৰ পহিলা জানুৱাৰীলৈকে সকলো ধৰণৰ আতচবাজী উৎপাদন, সঞ্চয়, বিক্রী বা জ্বলোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিষেধাজ্ঞা নামানি ফচলৰ আৱৰ্জনা জ্বলোৱাৰ অভিযোগত কেইবাজনকো গ্রেপ্তাৰো কৰা হৈছে। কিন্তু এই পদক্ষেপবোৰৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা সম্ভৱ হোৱা নাই। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে সাধাৰণ মানুহে পথত ওলাবলৈ শংকাবোধ কৰিছে। আনফালে যান-বাহনৰ চলাচলো দিল্লীত যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে।