ভক্তৰ মনোকামনা আৰু শিৱৰাত্ৰি
সত্য-শিৱ-সুন্দৰ। যুগ যুগ ধৰি মানৱ জাতিয়ে শিৱক পূজা-অৰ্চনা কৰি আহিছে। তেত্ৰিছ কোটি দেৱতাৰ ভিতৰত শিৱই হ’ল একমাত্ৰ দেৱতা– যিয়ে ভক্তৰ প্ৰতি সহজেই সন্তুষ্ট হয়। অনাৰ্যৰ প্ৰতীক হ’লেও ভাৰতত শিৱকেই বেছিকৈ পূজা কৰা হয়। জীৱজগতৰ প্ৰতিটো স্তৰতে আছে শিৱৰ অস্তিত্ব। কেৱল যে শিৱৰাত্ৰিতেই তেওঁক পূজা কৰা হয়, তেনে নহয়। যিকোনো পূজাতেই অন্তিম মন্ত্ৰোচ্চাৰণ কৰা হয় ‘ওম ৰুদ্ৰায় নমঃ’। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো আছে বহুতো শিৱধাম, শিৱ দৌল, শিৱ মন্দিৰ। অসমত যিবোৰ শৈৱস্থান আছে সেইবোৰৰ ভিতৰত অন্যতম হ’ল শিৱসাগৰৰ শিৱ দৌল। এই শিৱ দৌলতেই বিগত কেবাবছৰ ধৰি পালন কৰা হৈছে আন্তৰ্জাতিক শিৱৰাত্ৰি মহোৎসৱ।
ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে শিৱসাগৰৰ আছে এক বিশেষ বৈশিষ্ট্য। আহোম ৰাজত্বৰ সময়তেই স্থাপন হৈছিল বহুতো মঠ-মন্দিৰ– যিবোৰে এতিয়া পুৰণি বৰ অসমখনৰ কথাকে সেঁাৱৰায়। বিগত দুটা বৰ্ষত ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে আন্তৰ্জাতিক মহোৎসৱ অনুষ্ঠিত হোৱা নাই যদিও পৰম্পৰাগতভাৱে পূজা পালন কৰা হৈছে। শিৱৰাত্ৰিৰ আছে এক বিশেষ আকৰ্ষণ। শিৱ দৌল হ’ল শিৱ মন্দিৰ। পিছে এই শিৱ দৌলটো তিনিটা মন্দিৰৰ সমষ্টি। কাৰণ শিৱ দৌলৰ গাতে লাগি আছে বিষ্ণু দৌল আৰু দেৱী দৌল। বিষ্ণু দৌলত বিষ্ণু আৰু দেৱী দৌলত দুৰ্গা দেৱীক পূজা কৰা হয়। তিনিওটা মন্দিৰ থিয় হৈ আছে শিৱসাগৰ পুখুৰীৰ পাৰত। ইয়াক বৰপুখুৰী হিচাপেও জনা যায়। উল্লেখ্য যে আহোম ৰাজত্বকালত ১৭৩১১পৰা ১৭৩৮১ ভিতৰত পুখুৰীটো খন্দা গৈছিল। এই মন্দিৰকেইটা ১৭৩৪ খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই নিৰ্মাণ কৰিছিল। এই শিৱ দৌলৰ উচ্চতা হ’ল ১০৪ ফুট। আনহাতে দেৱী দৌলক জয় দৌল ৰূপেও জনা যায়। প্ৰতিবছৰেই এই শিৱ দৌলত অনুষ্ঠিত মহাশিৱৰাত্ৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আন ৰাজ্যৰ পৰাও ভক্তই ভিৰ কৰে।
পৰম্পৰাগতভাৱে সকলোৱে শিৱক পূজা কৰি আহিছে। হৰ-পাৰ্বতীৰ বিবাহ এই তিথিটোতে হোৱা বুলি আজি সকলোৱে বিশ্বাস কৰে। পাৰ্বতী আছিল দৃঢ়মনা। সেইবাবে তেওঁ শিৱক পাবলৈ কঠোৰ তপস্যা কৰিছিল। এগৰাকী দেৱীয়ে কিমান কঠোৰ তপস্যাত ব্ৰতী হৈ নিজৰ মনোকামনা পূৰণ কৰিব পাৰে তাৰেই উদাহৰণ হৈ আছে পাৰ্বতী। স্বামীৰ ওপৰত থকা বিশ্বাস আৰু পতিৰ বাক্যই জীৱনৰ ব্ৰত হিচাপে পালন কৰা পাৰ্বতীয়ে কেতিয়াও বিচৰা নাছিল তেওঁৰ স্বামীক আনে অপমান কৰক। দক্ষ ৰজাই শিৱ অনাৰ্যৰ প্ৰতীক বুলি খুব এটা ভাল দৃষ্টিৰে চোৱা নাছিল। সেইবাবে তেওঁৰ যজ্ঞত যেতিয়া শিৱক স্থান দিয়া নাছিল তেতিয়াই পাৰ্বতীয়ে কিমান গভীৰভাৱে শিৱক সন্মান ৰক্ষাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে পদক্ষেপ লৈছিল তাৰেই এয়া হ’ল জ্বলন্ত উদাহৰণ। সাধাৰণতে সকলো দেৱতাৰ ভিতৰত সোনকালে সন্তুষ্ট হোৱা দেৱতাগৰাকী হ’ল শিৱ। তেওঁ ভক্তৰ অন্তৰৰ কথা ভালদৰে বুজি পায়। সহজেই ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে দেখা দিয়ে। নাৰী জাতিয়েও সেইবাবে শিৱক আৰাধনা কৰিয়েই ভাল পায়। মহাশিৱৰাত্ৰিত ব্ৰতত থাকি মহিলাসকলে শিৱক আৰাধনা কৰে। তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণৰ বাবে একান্ত চিত্তে শিৱক আৰাধনা কৰি আহিছে। মহিলাসকলেও শিৱৰ পৰা বৰ লাভ কৰিবলৈ একান্ত মনে জপ কৰে।
বিভিন্ন ঠাইত শিৱপূজা মহাআয়োজনেৰে কৰা হয়। তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, উমানন্দ আদিত শিৱৰাত্ৰিৰ দিনা ভক্তৰ লানি নিছিগা সেঁাত বয়। সকলোৱে শিৱ শ্লোক পাঠ কৰি মনোবাঞ্ছা পূৰণৰ বাবে পূজা কৰে। কিয়নো, লঘোনে থাকি পূজা কৰিও ভক্তসকলে আনন্দ লাভ কৰে। দৰাচলতে ভগৱানক প্ৰাৰ্থনা কৰাৰ পূৰ্বে মনটো শুদ্ধ হ’ব লাগিব। যদিহে মনটো শান্ত কৰিব পৰা যায় তেতিয়াহে ভগৱানক প্ৰাৰ্থনা কৰাটো সম্ভৱ। আজিকালি ভক্তৰ সংখ্যা বৃদ্ধি হৈছে। পিছে চেনেলৰ বাতৰিত মুখখন দেখুৱাবলৈ বুলি সাজি-কাছি যোৱা ভক্তৰ সংখ্যা বৃদ্ধি পাইছে। আনকি চেনেলৰ সাংবাদিকে যেতিয়া কিছুমান ভক্তক শিৱপূজাৰ মাহাত্ম্যৰ বিষয়ে প্ৰশ্ন কৰাৰ পিছত তেওঁলোকৰ মুখৰ পৰা যিবোৰ কথা শুনা যায় সেইবোৰ শুনিলে পেটত হাত-ভৰি লুকুওৱাৰ অৱস্থা হয়গৈ। কিছুমানে আনকি সেইটো দিনত কিয় ব্ৰত ৰখা হয় সেই কথাও নাজানে। এনেধৰণৰ ভক্তৰ সংখ্যা বৃদ্ধিৰ কোনো মূল্য নাই। প্ৰকৃত ভক্তৰ সংখ্যাহে বৃদ্ধি হোৱা উচিত। তদুপৰি মন্দিৰৰ পৰিৱেশ দেখুওৱাৰ নামত চেনেলবোৰেও যিধৰণৰ বাতৰি পৰিৱেশন কৰে তাৰ দ্বাৰা শিৱ পূজাৰ মাহাত্ম্যৰ প্ৰকৃত ছবিখন ফুটি নুঠে। কেৱল ৰংচঙীয়া পোহৰৰ দ্বাৰাই পূজা আয়োজনৰ অৰ্থ নাই। পোহৰ অথবা ৰভাৰ নামত লাখ লাখ টকা ব্যয় কৰাতকৈ যদি সেইবোৰ ধনৰ দ্বাৰা মঠ-মন্দিৰৰ আন্তঃগাঁথনিৰ কাম কৰা হয় তেতিয়াহে ঠাইখিনিৰো উন্নয়ন সম্ভৱ। মন্দিৰ আদি যিমানেই আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হ’ব সিমানেই ভক্তৰ সংখ্যাও বৃদ্ধি পাব। সকলোৱে শিৱ পূজাত অন্তৰৰ পৰা ভক্তিভাবেৰে পূজা-অৰ্চনা কৰক।
গোপাল জালান
১০৮, এম জি ৰোড, ফাঁচীবজাৰ,
গুৱাহাটী, দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭