বৰ্তমান প্ৰজন্মৰ বাবে মোবাইল ফোন ক্ষতিকাৰক নেকি ?- হিমাদ্ৰী বৰকটকী

pc- Indiatimes.com

বৰ্তমান প্ৰজন্মৰ বাবে মোবাইল ফোন ক্ষতিকাৰক নেকি ?

বৰ্তমান সময়ত ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াৰ কথা কবই নালাগে। ই এবিধ অপৰিহাৰ্য্য অংগ হৈ পৰিছে আমাৰ জনজীৱনৰ কাৰনে। কবলৈ গ’লে মোবাইল ফোনৰ ভাল আৰু বেয়া দুয়োটা দিশেই আছে। ইয়াক কেনেকৈ ব্যবহাৰ কৰিছে সেইটোহে প্ৰধান কথা। বৰ্তমান কভিদ পৰিস্থিতিত ল’ৰা ছোৱালীৰ স্কুল ,কলেজ ,বিশ্ববিদ্যালয় বন্ধ দিয়াৰ কাৰণে অনলাইন ক্লাছৰ জৰিয়তে ল’ৰা ছোৱালীয়ে শিক্ষা গ্ৰহন কৰিব লগা হৈছে। ইয়াৰ জৰিয়তে ল’ৰা ছোৱালীৰ শিক্ষা বৰ্ষ আগুৱাই নিয়াত সহায় হৈছে। পঢ়া সম্পৰ্কীয় বহুতো নজনা কথা গুগল চাৰ্চ কৰি ল’ৰা ছোৱালীয়ে জানিব পৰা গৈছে।ল’ৰা ছোৱালীয়ে আজিকালি দূৰৰ কলেজ , বিশ্ববিদ্যালয়ৰ ফৰ্ম ফিলাপ ঘৰতে বহি কৰিব পৰা হ’ল এই মোবাইল ফোনৰ জৰিয়তে। এইক্ষেত্ৰত মোবাইল ফোন নতুন প্ৰজন্মৰ কাৰনে এক অপৰিহাৰ্য আহিলা। কিন্তু ম’বাইল ফোনৰ ক্ষতিকাৰক নথকা নহয়। ল’ৰা ছোৱালীয়ে মোবাইলত গেম ডাউনলোড কৰি মনে মনে খেলি থকাও দেখিছোঁ। পাপজী এনে এটা গেম যিয়ে বহুতৰ জীৱন ধ্বংসৰ মুখে ঠেলি পঠাইছে। অনবৰতে ম’বাইলটো চাই থকা চকুৰ কাৰণেও অপকাৰী। গতিকে মাক বাপেক হিচাপে আমি ল’ৰা ছোৱালীয়ে বেয়া ভিডিও , বেয়া চিনেমা (পৰ্ণ) , গেম আদি যেন চাইছেনে নাই লক্ষ্য কৰা উচিত । সেইবোৰৰ পৰা আমি নতুন প্ৰজন্মক আঁতৰত ৰাখিব পাৰিলেহে সমাজখনত হৈ থকা ব্যভিচাৰ দূৰ হ’ব। কবলৈ গ’লে ম’বাইলৰ ভাল বেয়া দুয়োটা দিশেই আছে। গতিকে ম’বাইলৰ ভালেখিনিক আদৰি বেয়াখিনিক বাদ দিলে আমাৰ নতুন প্ৰজন্মৰ উন্নতি সাধন হ’ব।

হিমাদ্ৰী বৰকটকী
নগাঁও