বৰষুণ- লক্ষী প্ৰসাদ ৰেগন

Pc Shutterstock

বৰষুণ

লক্ষী প্ৰসাদ ৰেগন

আমি বৰষুণত তিতিব পাৰো। এবাৰ নহয় দুবাৰ নহয়
হাজাৰ বাৰ
কিন্তু কি লাভ
আমি হৃদয়খনক কোনোদিনে চুব নিদিওঁ
পবিত্র বৰষুণজাকক

এদিন বৰষুণৰ কবিতা লিখি থাকোতেই
বৰষুণজাক আহিল
মই আকাশলৈ মূৰ তুলি চাব খুজিছিলো
চাৰিওফালে ডাৱৰ আৰু ডাৱৰ

কবিতা লিখা সামৰি উপন্যাস এখনকে মেলি ল’লো
‘বৰষুণত তিতা ওঁঠ’
চকুদুটা উপন্যাসৰ পাতত যদিও
মনটো বৰষুণৰ মাজলৈ গুচি গ’ল। বৰষুণ এৰাই নাই

পাহাৰ নদী পথাৰ অনৱৰতে বৰষুণত তিতে
এবাৰ বহুদিন বৰষুণ নহা দেখি
পাহাৰখনে সাগৰত গৈ জোবোৰা এটা মাৰিব খুজিলে

ভোক লগা পেটত এতিয়া জুই লাগিছে
বৰষুণ এৰালৈ বাট চালে নহ’ব জুইৰ প্ৰকোপ বাঢ়িছে
নিজৰ বাবে নিজেই বৰষুণ হ’ব লাগিব
মন গ’লে দেৰ কিবাকিবি হ’ব পাৰি
অন্ততঃ নিজৰ বাবে

খপজপকৈ উঠিলে পৃথিৱী। থৰ হৈ ৰ’ল আকাশ
সাগৰে নিজে অহাৰ আশ্বাস দিলে
পাহাৰ শান্ত হ’ল। নিদ্ৰা মগ্ন ডাৱৰ অৱশেষত সাৰ পালে

বৰষুণলৈ অপেক্ষা কৰি থকা পিতাইৰ চকুহাল
সদায় আকাশলৈ উৰা মাৰে
পথাৰৰ চুক কোণ খুচৰি খুচৰি ভাল পোৱা পিতাই
কিনকিনীয়া বৰষুণজাকৰ আজন্ম প্ৰেমিক