বৰষা- ৰাজলক্ষ্মী বৰঠাকুৰ

বৰষা

 

বৰষাৰ আগমনত

প্রকৃতি ৰাণীয়ে

ন-সাজেৰে চৌপাশে মেলি দিয়ে

ৰিহাৰ আঁচল

নাহৰ তগৰ

খৰিকাজাই সুগন্ধিত

দূৰৈত মিচিকাই

মইনামতি সখিয়তি

বিষাদ আঁতৰাই

দাপোন মতিয়ে ন -কইনা

হৈ ন-সাজেৰে

মাকৰ ঘৰলৈ সাজি -কাজি ওলাই

ফুলৰ আঁৰে আঁৰে ৰাধা কৃষ্ণৰ

প্রেমৰ বতৰা

আৰু কানাইৰ বাহিৰ সুৰত

বাউলি আজি ৰাধাৰ মন।

ৰাজলক্ষ্মী বৰঠাকুৰ

দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট