বৰলুইত ন্যাসৰ উদ্যোগত শিল্পী দিৱস

বৰলুইত ন্যাসৰ উদ্যোগত শিল্পী দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো বুধবাৰে বৰলুইত ন্যাসৰ উদ্যোগত উদযাপিত হ’ল শিল্পী দিৱস। অসম সাহিত্য সভা কাৰ্যালয়ৰ নেহা আগৰৱালা সোঁৱৰণি সভাকক্ষত আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। উল্লেখ্য যে, ৰূপকোঁৱৰৰ মৃত্যু দিৱস তথা শিল্পী দিৱসৰ লগত সংগতি ৰাখি বৰলুইতে কামৰূপ(ম) জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ মাজত “তোমাৰ দৃষ্টিত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসম” শীৰ্ষক এক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বুধবাৰে শিল্পী দিৱসৰ এই অনুষ্ঠানতে বিজয়ী প্ৰতিযোগীক স্মাৰক, মানপত্ৰ, নগদ ধন আৰু ফুলৰ পুলিৰে পুৰস্কৃত কৰা হয়। এই ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ভিতালী কলিতাই। লগতে সেই বিদ্যালয়ৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী নৱনীতা তালুকদাৰে দ্বিতীয় স্থান আৰু সোণাৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফিৰোজ আলীয়ে তৃতীয় স্থান অৰ্জন কৰে। আনহাতে দুগৰাকী ছাত্ৰ-ছাত্ৰীক উদগনিমূলক বঁটা আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলক মানপত্ৰৰে পুৰস্কৃত কৰা হয়। যুৱ সাংবাদিক তথা গায়ক মনোজ দুৱৰাই পৰিৱেশন কৰা জ্যোতি সংগীতেৰে শুভাৰম্ভণি ঘটে অনুষ্ঠানৰ। অনুষ্ঠানত অংশ লৈ প্ৰসিদ্ধ উপন্যাসিক, লেখিকা ড° মণিকুন্তলা ভট্টাচাৰ্য, শিক্ষাবিদ ড° বসন্ত ডেকা, এল চি বি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° এডিচন আলী, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিৰণ্য বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন-দৰ্শন সম্বন্ধে অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। নিজৰ ভাষণত ড° বসন্ত ডেকাই উল্লেখ কৰে যে, “শিক্ষাৰ্থীয়ে যদি নিজকে যুগমীয়া কৰিব খোজে তেন্তে কেৱল পাঠ্যপুথি বা কেৱল নম্বৰেৰে জীৱন গঢ়িব নোৱাৰে। ৰূপকোঁৱৰে কোৱাৰ দৰে নিজকে ৰূপান্তৰৰ মাজত সুমুৱাবলৈ চেষ্টা কৰিব লাগিব।” ড° মণিকুন্তলা ভট্টাচাৰ্যই কয় যে, “জ্যোতিপ্ৰসাদৰ সুৰ আছিল চহা সুৰ, তেওঁৰ কথাবোৰ কেতিয়াও আমনিদায়ক নাছিল। ‘আলোক’ বিজ্ঞান আৰু জ্যোতি প্ৰসাদৰ সৃষ্টিত পোৱা যায়।” হিৰণ্য বৰাই কয় যে, “জ্যোতিপ্ৰসাদ আগৰৱালা কেৱল অসমৰ শিল্পী নহয়, তেওঁ ভাৰতৰ শিল্পী। তেওঁ কেতিয়াবাই দাদা চাহেব ফাল্কেৰ দৰে ৰাষ্ট্ৰীয় বঁটা পাব লাগিছিল। কিন্তু তেওঁ অৱহেলিত হৈ ৰ’ল।” নিজৰ ভাষণ প্ৰসংগত ড° এডিচন আলীয়ে কয় যে, “এটা সময়ত জ্যোতিপ্ৰসাদক অনা অসমীয়া বুলি কোৱা হৈছিল, কিন্তু সেই সমালোচনা চেৰ পেলাই মহান অসমীয়া হ’ব পাৰিছিল তেওঁ।” এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিশিষ্ট উদ্যোগী কৰিশ্মা বেগম, যুৱ বিজ্ঞানী চিন্ময় বৰাৰ ভাতৃ ত্ৰৈলোক্য বৰা, অধিবক্তা ছাহিদ ছান আদি। অনুষ্ঠানত ন্যাসৰ বিষয়ববীয়াসকলে ঘোষণা কৰে যে ৰচনা প্ৰতিযোগিতাৰ ৩ বিজয়ী শিক্ষাৰ্থীক অনাগত সময়ত যিকোনো শৈক্ষিক সাহাৰ্য প্ৰদানত বৰলুইত ন্যাসে আগভাগ ল’ব।