বৰলীয়া নৈৰ খহনীয়াত বহু পৰিয়ালৰ ভেটি-মাটি জাহ

Pc- ETVbharat

বৰলীয়া নৈৰ খহনীয়াত বহু পৰিয়ালৰ ভেটি-মাটি জাহ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়াৰ বৰলীয়া নৈৰ খহনীয়াত বহু পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে। বৃহত্তৰ অঞ্চলটোৰ গঞাসকল আতংকিত হৈ পৰিছে। বৰলীয়া নৈৰ ভয়াৱহ খহনীয়াৰ বাবে কেইবাশ বিঘাৰ কৃষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে। যাৰ বাবে অঞ্চলটোৰ অৰ্ধশতাধিক পৰিয়ালৰ জীৱন জীৱিকালৈ গভীৰ সংকট নামি আহিছে। বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ উজাৰে অঞ্চলবাসীয়ে।এবছৰ পূৰ্বে খহনীয়া ৰোধৰ বাবে কিছু ঠাইত পকীকৰণ কৰিছিল। কিন্তু অতি নিম্নমানৰ কাম কৰা বাবে এবছৰ নৌহওঁতেই জহি-খহি যোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।