বৰবৰুৱাৰ বিনৈগুটীয়াৰ আশাপুৰ নতুন গাঁৱৰ জাগৃতি যুৱতী মঞ্চৰ উদ্যোগত “সতী ৰাধিকা নাটক” প্ৰদৰ্শন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱাৰ বিনৈগুটীয়াৰ আশাপুৰ নতুন গাঁৱৰ জাগৃতি যুৱতী মঞ্চৰ উদ্যোগত আৰু আশাপুৰ গাওঁবাসীৰ সহযোগ তথা আতিথ্যত “সতী ৰাধিকা নাট প্ৰদৰ্শন” পৰিৱেশন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে” সতী ৰাধিকা নাটক প্ৰদৰ্শন উদযাপন সমিতিৰ সভানেত্ৰী নয়নমনি দাসে, বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সম্পাদিকা আইজনী দাসে। কাৰ্যসূচীৰ সৈতে সংগতি উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে বৃক্ষৰোপণ আৰু আশাপুৰ নতুন গাঁৱৰ ৰাইজে সন্মিলিত ভাৱে নাম-প্ৰসঙ্গ পৰিৱেশনৰ পিছতেই প্ৰসাদ বিতৰণ কৰে। বিনৈগুটীয়া আশাপুৰ নতুন গাঁৱৰ জাগৃতি যুৱতী মঞ্চৰ উদ্যোগত আয়োজিত”সতী ৰাধিকা” নাটকখনি প্ৰদৰ্শন উপলক্ষে উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱিকা সতী ৰাধিকাই গুৰুজনাৰ আদৰ্শৰে মহাপুৰুষ গৰাকীৰ আদেশ শিৰোগত কৰি বৰদোৱাৰ টেম্বোৱানী জান বন্ধা কাৰ্যত একান্ত সহযোগিতাৰ সমৰ্পিত ভক্তি ভাৱে দায়িত্ব পালন কৰিছিল আৰু মহীয়সী নাৰী ৰূপে পৰিগণিত হৈছিল বুলি প্ৰকাশ কৰে আৰু সতী ৰাধিকাৰ দৰে শান্তি মহীয়সী নাৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদেশ পালন কৰি সাহসেৰে টেম্বোৱানী শান্তি জান নিৰ্মাণেৰে আগবঢ়োৱা অনবদ্য অৱদান,নাৰী হিচাপে সমাজখনক দেখুৱাই যোৱা আত্মবিশ্বাস, নিজৰ সতীত্ব ধৰ্ম, দৃঢ়তা , চিন্তা চেতনাই বৰ্তমানৰ নাৰী সমাজৰ বাবে গৌৰৱ, অনুপ্ৰেৰণা আৰু আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বুলি নিজৰ ভাষণত উল্লেখ কৰে। সন্ধিয়ালৈ বিনৈগুটীয়া আশাপুৰ নতুন গাঁৱৰ জাগৃতি যুৱতী মঞ্চৰ যুৱতী সকলে “সতী ৰাধিকা নাটক”প্ৰদৰ্শন পৰিৱেশন কৰি দৰ্শকক আপ্লুত আৰু মন্ত্ৰমুগ্ধ কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ বিনৈগুটীয়াৰ আশাপুৰ নতুন গাঁৱৰ জাগৃতি যুৱতী মঞ্চই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত গুৰুজনাৰ আদৰ্শৰে আৰু আদেশে ধৰ্মপ্ৰাণা মহীয়সী নাৰী ৰূপে সমাজৰ বাবে দেখুওৱা সতীত্ব গুণ ,নাৰী হিচাপে আত্মবিশ্বাসেৰে নিজক পৰিচয় প্ৰতিফলিত কৰিবলৈ সক্ষম হোৱা সতী ৰাধিকা নাটক প্ৰদৰ্শনে নাৰী সমাজক অনুপ্ৰাণিত কৰিব বুলি সচেতন মহলে ইতিবাচক পদক্ষেপ বুলি প্ৰকাশ কৰিছে। আনহাতে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱাৰ বিনৈগুটীয়া আশাপুৰ নতুন গাঁৱৰ সতী ৰাধিকা নাটক প্ৰদৰ্শন উদযাপন সমিতিয়ে ডিব্ৰুগড় জিলাত সতী ৰাধিকা আই প্ৰতি মুৰ্ত্তি স্থাপন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে।