বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশৰ লগতে অসমতো কেইবাটাও পর্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ কাৰ্যকর্তা আৰু মিত্রজোটৰ কাৰ্যকর্তা সন্মিলনত অংশগ্রহণ কৰে। বঙাইগাওঁ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ কার্যকর্তাসকলৰ সভাত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে। উল্লেখ্য যে, আগন্তুক লোকসভা নির্বাচনৰ তৃতীয় পৰ্যায়ত বৰপেটা লোকসভা সমষ্টিত ভোট গ্রহণ অনুষ্ঠিত হ’ব। এই সমষ্টিটোত অগপ দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীক মিত্রজোটে প্রার্থীত্ব প্রদান কৰিছে।সভাত মুখ্যমন্ত্রী ড” শর্মাই কয় যে বিজেপি দলৰ প্ৰতিগৰাকী কার্যকর্তাই মিত্রজোটৰ প্রার্থীগৰাকীক জয়ী কৰোৱাৰ বাবে বুথ পৰ্যায়ৰ পৰাই কাম আৰম্ভ কৰিব লাগিব। তেওঁ লগতে কয় যে সুদীর্ঘ সময়ৰ ধৰি বৰপেটা লোকসভা সমষ্টিটো বিজেপি অথবা মিত্রজোটৰ দখললৈ অহা নাই। কিন্তু এইবাৰ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত এই সমষ্টিৰ প্রতিচ্ছবি সলনি হৈছে। এইবাৰৰ নিৰ্বাচনত ফণীভূষণ চৌধুৰীক বিজয়ী কৰোৱাৰ লগতে প্রধানমন্ত্রী নবেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত কৰিবলৈ দলৰ কাৰ্যকর্তাসকল সংকল্পবদ্ধ হ’ব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়।ভবিষ্যদর্শনেৰে অসমত এইবেলি গঠনমূলক তথা বিকাশ আৰু উন্নয়নক লৈ নির্বাচনী যুঁজত অৱতীর্ণ হ’ব লাগিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এই নির্বাচনত ৫ টা বিষয়ৰ ওপৰত দলৰ কাৰ্যকৰ্তাই তৃণমূল পর্যায়ত আর্থ-সামাজিক জৰীপ চলাব লাগিব। বুথ পর্যায়ত ইয়াৰ বাবে ৫ খন প্রপত্র প্রদান কৰা হ’ব। ভাৰতক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেখা সপোন সার্থক কৰি তুলিবলৈ লোকসভা নির্বাচনত ভাৰতীয় জনতা পার্টি মিত্রজোটৰ প্রার্থীক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাবলৈ তেওঁ আহ্বান জনায়৷ এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, বিধায়ক অজয় বায়, জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি বায় প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্রজোটৰ প্রার্থী ইউপিপিএলৰ জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্রচাৰ চলোৱাৰ উদ্দেশ্যে আজি চিৰাং জিলাৰ বঙাইগাওঁ তেল শোধনাগাৰৰ আৰ চি চি চি প্রেক্ষাগৃহত আয়োজিত বিজেপি, অগপ আৰু ইউপিপিএলৰ কাৰ্যকর্তা সম্মিলনত অংশগ্রহণ কৰে। সন্মিলনত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি দুয়োটা সমষ্টিৰ পৰা মিত্রজোঁটৰ প্রার্থী দুগৰাকীক বিপুল ভোটত বিজয়ী কৰিবৰ বাবে কার্যকর্তাসকলক আহ্বান জনায়। মুখ্যমন্ত্রীয়ে সুসংহতভাবে তিনিওটা দলকে বুথ পর্যায়ত সমন্বয় সমিতি গঠন কৰি নিৰ্বাচন পৰিচালনা কৰাৰ ওপৰতো গুরুত্ব আবোপ কৰে। এইবাৰৰ নিৰ্বাচনী যুঁজ বিকাশ আৰু উন্নয়নৰ হ’ব বুলিও তেওঁ সদৰি কৰে। তেওঁ কয় যে আর্থ- সামাজিক উন্নয়ন সাধন কৰিব পৰাকৈ এইবেলিৰ নিৰ্বাচনত দলৰ কার্যকৰ্তাসকলে তৃণমূল পর্যায়ত জৰীপ চলাব। তেওঁ লগতে কয় যে একেটা অঞ্চলৰ পথ নির্মাণ আৰু মেৰামতিৰ প্রাধান্যতা অনুসৰি বাট-পথৰ অৱস্থা সম্পর্কে আলোকচিত্রসহ জৰীপ চলোৱাৰ উপৰি পৰিয়ালৰ মূৰৰ্বীজনৰ বিনামূলীয়া বীমা কৰাৰ বাবে এই প্র-পত্ৰৰ জৰিয়তে সমীক্ষা চলোৱা হ’ব। যিসকলৰ ঘৰত ৰেচন কার্ড আছে, কিন্তু অৰুণোদয় নাই, সেই ঘৰখনক অৰুণোদয় প্রদান কৰা হ’ব। ইয়াৰ বাবে জৰীপ চলোৱাৰ উদ্দেশ্যেৰে বুথত প্র-পত্র দিয়া হ’ব। তেওঁ লগতে কয় যে নাৰী সবলীকৰণৰ লক্ষ্যৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ছাত্রীসকলক মহাবিদ্যালয়ত শিক্ষা গ্রহণৰ বাবে তেওঁলোকৰ একাউণ্টত ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ উদ্দেশ্যেৰে জৰীপ চলাবলৈ বুথ প্র-পত্ৰ দিয়াৰ লগতে প্রতিটো বুথত থকা মূল উপাসনাস্থলীসমূহৰো সমীক্ষা কৰা হ’ব।প্রধানমন্ত্রীৰ সদিচ্ছাত সমগ্র দেশ বিশেষকৈ অসমৰ চৌদিশে বিকাশ আৰু উন্নয়ন অধিক তৃৰান্বিত হৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আগন্তুক লোকসভা নির্বাচনত ভাৰতীয় জনতা পার্টি মিত্র দলৰ প্রার্থীক বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাবলৈ কর্মকর্তাসকলক আহ্বান জনায়। আজিৰ এই সভাত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্মা, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, বড়োলেও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ বণগৌড়া নাৰ্জাৰী, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, প্রাক্তন বিধায়ক হেমেন্দ্র নাথ ব্রহ্মা, অগপ দলৰ ৰাজ্যিক উপ-সভাপতি কর্ণমোহন ৰায়, ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰী প্রমুখ্যে বিধায়কসকল, বিটিআৰৰ ই এম আৰু দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্রীয়ে আজি অগপ দলৰ জ্যেষ্ঠ নেতা, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা আগন্তুক লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্রজোটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ বাসভৱনলৈ গৈ সমাগত নির্বাচনৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।