বৰপেটাৰ বাটগাঁওত ভয়ংকৰ পথ দুর্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটাৰ বাটগাঁৱত সোমবাৰে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷তীব্ৰ বেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গল এজনৰ। দুজন গুৰুতৰভাৱে আহত হয়৷থিতাতে নিহত জনৰ নাম প্ৰকাশ (৩২) আৰু আহত দুজন সুজয় আৰু বিশ্বজিৎ মণ্ডল বুলি জানিব পৰা গৈছে। আটাইকেইজনৰ ঘৰ সৰ্থেবাৰীৰ কুৰিহাপামত বুলিও জানিব পৰা গৈছে । সোমবাৰে নিশা প্ৰায় ১১ বজাত বৰপেটাৰ পৰা চেঙা অভিমূখে গৈ থকা সময়ত কোনোবা অচিনাকি তীব্ৰবেগী বাহনে খুন্দিয়াই পেলাই থৈ যায়।দুৰ্ঘটনাটোত As-15-S -9275 নম্বৰৰ পালচাৰ বাইক এখনৰো যথেষ্ট ক্ষতি হয়। ঘটনাস্থলীত উপস্থিত হৈ ১০৮ মৃত্যুঞ্জয় বাহনলৈ অপেক্ষা কৰি অযথা সময় নষ্ট কৰাৰ পৰিৱৰ্তে তাৰাবাৰী আৰক্ষী থানাৰ অচি চম্পালাল ভট্টাচাৰ্যই নিজে অহা থানাৰ বাহনখনতে তাৎক্ষণিকভাৱে আহত সকলক বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।আৰক্ষী বিষয়া চম্পালাল ভট্টাচাৰ্যৰ তাৎক্ষণিক পদক্ষেপক ধন্যবাদ জনাইছে ৰাইজে৷ কিয়নো বহু আৰক্ষী বিষয়াই ১০৮ মৃত্যুঞ্জয় বাহনলৈ অপেক্ষা কৰি অযথা সময় নষ্ট কৰে।