বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা হ’ল ‘ই-গেট’

বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা হ’ল ‘ই-গেট’

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, বৰ্দ্ধিত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বিভিন্ন উন্নতমানৰ সেৱাৰ সংযোগ কৰি থকাৰ সময়তে, যাত্ৰীৰ সুবিধাৰ্থে শুকুৰবাৰে বিমানকোঠত ৪ খনকৈ ‘ই-গেট’ৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে, এই গেটৰে যাত্ৰী সকলে নিজ-নিজ বৰ্ডিং টিকটত থকা কিউ-আৰ কৰ্ডখন লগাই টাৰ্মিনেললৈ প্ৰৱেশ কৰিব পাৰিব। আগতে সুৰক্ষা এলেকা পাৰ হবলৈ অতি কমেও ৫ মিনিটৰ পৰা ১০ মিনিট সময় লাগিছিল। এতিয়া মাত্ৰ এটা মিনিটৰ ভিতৰত যাত্ৰীসকলে সুৰক্ষা কক্ষৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এই ব্যবস্থাই ভৱিষ্যতে সুৰক্ষা ব্যবস্থাকো উন্নীতকৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। আনহাতে এই গেটসমূহৰ শুভ উদ্বোধন যাত্ৰীৰ দ্বাৰা কৰা হয়। লগত উপস্থিত থাকে বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই । অনুষ্ঠানত বিমানকোঠৰ বহুতো জেষ্ঠ বিষয়া উপস্থিত আছিল।