বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে তাঁতশাল, মুকলি বিহু প্ৰদৰ্শন

বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে তাঁতশাল, মুকলি বিহু প্ৰদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-   বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত ৰঙালী বিহু উপলক্ষে আগমন আৰু প্ৰস্থান কক্ষত দুখনকৈ তাঁতশাল স্থাপন কৰা হৈছে। অসমৰ জাতীয় মান গামোচা কিদৰে তাঁতশালত প্ৰস্তুত কৰা হয়, সেই কাৰ্যক দেখুৱাবলৈকে বিমানকোঠ কৰ্তৃপক্ষই দুখনকৈ তাঁতশাল স্থাপন কৰিছে। অসমৰ পৌৰাণিক সম্পদ তাঁতশাল দুখনত নিয়মীয়াকৈ স্থানীয় শিপিনীৰ দ্বাৰা গামোচা বৈ থকা হৈছে। প্ৰথমবাৰৰ বাবে বিমানকোঠত এই দৃশ্য সুলভ হৈ পৰাত বহিঃৰাজ্যৰ যাত্ৰীসকলে এই দৃশ্য প্ৰাণভৰি উপভোগ কৰা দেখা গৈছে। তাৰোপৰি ৰঙালী বিহু উপলক্ষে প্ৰস্থান আৰু আগমন কক্ষত অসমৰ পৰম্পৰা বিহুৰ সাঁ-সজুলিৰে সজোৱা দুখন ক্ৰিব সাজি উলিওৱা হৈছে, য’ত ঢোল,  পেপা, গগনা, টকা আৰু বিহুত ব্যৱহৃত হোৱা অনান্য  সামগ্ৰীবোৰ সজাই থোৱা হৈছে। বিমানকোঠৰ বাহিৰত যাত্ৰী আৰু বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰী সকলৰ বাবে এখন মুকলি মঞ্চ স্থাপন কৰা হৈছে, য’ত ১০ দিনলৈ দিনজোৰা কাৰ্যসূচীৰে পুৱা ওজাপালি, দুপৰীয়া বিহু নৃত্য আৰু আবেলি হুচৰি নৃত্য প্ৰদৰ্শন কৰা হ’ব। লগতে জাপি, গামোচা, মহৰ পিঠিত উঠি বিহুৱাই পেপা বজাই থকা আদি দৃশ্যসজুলিৰে যাত্ৰীসকলৰ বাবে এখন ’চেলফি বুথ’ও সাজু কৰি ৰখা হৈছে। বিমানকোঠৰ হ’বলগীয়া কেন্দ্ৰীয় বিহুৰ বাবে আগতীয়াকৈ বিহুৰ কৰ্মশালা আৰম্ভ কৰা হৈছে য’ত বিমানকোঠৰ কৰ্মচাৰী সকলৰ লগতে বাহিৰৰ পৰা কৰ্মসূত্ৰে অহা অনা-অসমীয়া কৰ্মচাৰী সকলৰ বাবে দৈনিক আবেলি এখন  কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।