ব্রহ্মপুত্ৰ
অসমী আইক তুমি কৰিলা পৱিত্ৰ,
ব্ৰহ্মাৰ পুত্ৰ তুমি, ব্ৰহ্মপুত্র।
কত যুগ ধৰি তুমি বৈ আহিছা,
পাৰতে তুমি শীতল বতাহ বিলাইছা।
আবেলিৰ সুৰুজ আৰু তোমাৰ লহৰ,
এই সৌন্দৰ্যৰে মন্ত্ৰমুগ্ধ কৰিলা চহৰ, নগৰ।
তোমাৰ প্ৰতিটো সোঁততে আছে জীৱনৰ উশাহ,
মুগ্ধ হয় তোমাৰ প্ৰতিটো বতাহ।
অসমৰ মহাবহু তুমিয়েই একমাত্র,
ঈশ্বৰৰ এটি ৰত্ন তুমিয়েই ব্রহ্মপুত্র।
ব্ৰহ্মপুত্ৰ তুমি সচাকৈয়ে নমস্য,
তোমাৰ অবিহনে অসমৰ নাই ভৱিষ্য।
ৰাখিছা অসমক তুমি জিপাল কৰি,
তোমাৰ অবিহনে অসম হব মৰুভূমি।
হিমালয়ৰ পৰা তোমাৰ হয় আৰম্ভণি,
চাংপো আখ্যা পালা চীন’ক সাৱটি।
দিহাং নামেৰে অৰুণাচলত কৰিলা প্ৰৱেশ,
এনেদৰে দীৰ্ঘযাত্ৰাৰে সাৱটি লোৱা অসম দেশ।
বাংলাদেশত যমুনা নামেৰে পাই তোমাৰ লহৰ,
যাত্ৰাৰ সমাপ্তি যেতিয়া পোৱা বঙ্গো সাগৰ।
শৰাইঘাট, বগীবীল আদি তোমাৰ সেতু,
ৰঙীন কৰা জীৱন যেন ৰামধেনু।
মানুহ যেতিয়া অহংকাৰী হয় থাকিলে বল,
উগ্ৰতাৰে তুমি বোৱাই দিয়া ধল।
মাজুলী, উমানন্দ তোমাৰেই সন্তান,
তোমাৰ বাবে উপচি পৰে সোণালী ধান।
লাচিতে কৰিছিল যুদ্ধ তোমাৰেই সাহসত,
মাছমৰীয়াই মাছ মাৰে তোমাৰে সোঁতত।
চাৰি দেশৰ সৈতে হয় তোমাৰ মিলন,
জলচৰৰ বাবে তুমিয়েই জীৱন।
তোমাৰ লহৰে পুলকিত কৰে প্ৰতিখন ঠাই,
চিৰপ্ৰবাহিত হৈ থাকা গৌৰৱ বিলাই।
-নিতিষ্মান দাস
সপ্তম শ্রেণী