ব্যস্ততা এক কুষ্ঠৰোগ
কাজি শ্বাহাদত ইছলাম
আজিৰ পৃথিৱীত যান্ত্ৰিকতাই মানুহক ইমানেই গ্ৰাস কৰিছে যে আপোনজনৰ কাৰণে আন্তৰিকতাৰে কিছু পল অতিবাহিত কৰাৰ সময় নাই।টকাক সৰ্বস্ব বুলি ধাৰণা কৰা প্ৰাণীবোৰৰ বিবেক আৰু হৃদয়ত ভালপোৱাৰ নামত যেন অভিনয়েহে বাহৰ পাতিছে। বহুতেই টকাৰে সম্পদ ক্ৰয় কৰাৰ উপৰিও ভালপোৱাক ক্ৰয় কৰাৰ বিৰাট এক যো-জা চলাই নিজৰ দায়িত্বৰ অৱসান ঘটোৱাৰ মিছা কল্পনাত ডুবিব ধৰিছে। সময়ে মানুহক যিমানেই ঊৰ্ধ দিশতে গতি নকৰাওকনো কিয়,অতীতৰ আমেজবোৰৰ পুনৰাবৃত্তি হোৱাটো কিন্তু সম্ভৱ নহয়।আজি যদি ফাইভ ষ্টাৰ হোটেলত পৰিয়াল সহকাৰে লৈ গৈ ভোজন কৰিছে সেই সুখ বা আমোদ ক্ষন্তেকীয়া।টকা আছে মানে সুখৰ সূৰ্য কিনি আনি পদূলিত স্থাপন কৰাৰ ব্যৱস্থা কৰা হয় যদিও প্ৰকৃততে তাতে কোনো সুখ নাই।টকা বেছি মানে হিচাপ বেছি,হিচাপ বেছি মানে ব্যস্ততা বেছি,ব্যস্ততা বেছি হৈ গ’লে পৰিয়াল বা আপোনজনৰ প্ৰতি থকা দায়িত্বত শিথিলতা আহি পৰে।হয়,টকাৰে কিন্তু লাগতীয়াল খিনি পূৰ্ণ কৰা হয়। কিন্তু আপুনি জানে নে , আপোনাক স শৰীৰে উপস্থিত থকাটোও যে আপোনাৰ পত্নী বা সন্তানে বিচাৰে।আইচক্ৰীম, চকলেট, টেড্ডি, টিভি, ম’বাইল, লেহেংগা, শাৰী, কুৰ্তা, দামী গহনা ইত্যাদিৰ জৰিয়তে আপোনাৰ পৰিয়ালক হয়তো আপুনি সুখ দিয়াৰ চেষ্টা কৰিব কিন্তু আপোনাৰ সন্তানক কান্ধত কোনে ল’ব, পিঠিত তুলি ঘোঁৰা ঘোঁৰা কোনে খেলিব, হাঁহি ধেমালি কোনে কৰিব? আপোনাৰ পত্নীক সাবটি ধৰি তাইৰ শুষ্ক হৃদয়ত প্ৰেমৰ বৰষুণ কোনে বোৱাব?তাইৰো তো মন যায় আপোনাৰ কোলাত উঠি সুধাময় কিছু মুহূৰ্ত কটাব আৰু নিজ কাণেৰে আপোনাৰ বুকুৰ স্পন্দনবোৰ শুনিব!!ৰাতি একেটা গাৰুতে দুটি শিৰৰ যুগ্মতাত পৰিশ্ৰান্ত দিনটোৰ আনন্দ আৰু বিষাদৰ গল্প শুনিব আৰু শুনাব। কিন্তু আপুনিতো বহুত ব্যস্ত। কেতিয়াবা ব্যৱসায়িক ব্যস্ততাত আপুনি ওৰে দিনটো বাহিৰতেই কটাই যেতিয়া ঘৰলৈ উভতে আপোনাক আপোনাৰ সন্তান আৰু পত্নীয়ে তেতিয়া হয়তো সাবটি ধৰে, লগে লগেই আপোনাৰ ম’বাইলত ফোন আহে আৰু আপুনি আকৌ ব্যস্ত হৈ পৰে এঘন্টা দুঘণ্টাৰ নামত।আৰু বহু পৰলৈকে যেতিয়া ম’বাইলত আপোনাৰ কথা কোৱা অন্ত হয় তেতিয়ালৈকে সিহঁত টোপনিৰ বক্ষত মূৰ গুজি দিয়ে।তেন্তে ইয়াতে সুখৰ চানেকি ক’ত? প্ৰতিটো দিনতেই যদি ইয়াৰেই পুনৰাবৃত্তি ঘটে,বাৰু ভাবি চাইছেনে আপোনাৰ জীয়াই থকাৰ উদ্দেশ্য কি?সেইটো কোন সীমান্ত যাক চুবলৈ আপোনাৰ ইমান কঠোৰ প্ৰয়াস।আপুনি টকা ব্যায় কৰি সন্তানাদিক মাথোঁ পাঠ্যক্ৰমত থকা শিক্ষাৰে শিক্ষিত কৰাটোকেই যথেষ্ট বুলি ভাবেনে?নাই ! সিহঁতৰ বহু শিকিবৰ আছে আপোনাৰ পৰা। আপুনিয়েই সিহঁতৰ আৰ্হি। কিন্তু আপোনাক অনুসৰণ কৰিব লগা সময় খিনি যদি বেলেগৰ সতে কটাবলগীয়া হয় তেন্তে আপুনি জানেনে সেই বেলেগ জনৰ আচৰণেই আপোনাৰ সন্তানৰ গাত লম্ভিব?আৰু এটা মন কৰিবলগীয়া কথা–কেতিয়াবা কিছুমান মহিলাৰ চৰিত্ৰত যদি সামান্য শিথিলতা থাকেও পতিৰ সংগ আৰু ভালপোৱাৰ সান্নিধ্য পাই শুদ্ধ হৈ যায়। কিন্তু পতিৰ ব্যস্ততাৰ বাবে মৰমৰ অভাৱত বেছি ভাগেই ভুল পথ বাছি লয় আৰু পৰকীয়াত সোমাই পৰে।ইয়াতে মই কেৱল পতিক দোষাৰোপ কৰিলেও ভুল হ’ব কাৰণ কেতিয়াবা পত্নীৰ ব্যস্ততাৰ বাবে পতিয়ে বিপথে ভৰি পেলায়।এয়া এক জঘন্য ব্যধি।ব্যস্ততা এনে এবিধ বস্তু যি হাঁহি থকা সংসাৰ এটাক পলকতে সংহাৰী গতিত পৰিচালনা কৰে। কিছুমান পৰিয়ালত পতি পত্নী দুয়োজনেই চাকৰি নতুবা ব্যৱসায় কৰে আৰু সিহঁতৰ সৰু কেঁচুৱাটোৰ ৰক্ষণাবেক্ষণ কৰাৰ বাবে লগুৱা বা বনকৰা ছোৱালী ৰাখে। প্ৰতিদিন সিহঁতৰ হাতত কেঁচুৱা টোক অৰ্পণ কৰি থৈ অফিচলৈ বা ব্যৱসায়লৈ যায় আৰু গোটেই দিন পাছত ঘৰলৈ উভতে।এই কেঁচুৱাটো যেতিয়া ডাঙৰ হ’ব, তেতিয়া আপুনি ইয়াৰ পৰা কি আশা কৰিব। কেঁচুৱা হ’ল স্বচ্ছ পানীৰ দৰেই…ইয়াক যেনে পৰিৱেশৰ মাজত এৰিব ই তেনে চৰিত্ৰত গঢ় ল’ব।মই পতি পত্নীৰ একেলগে চাকৰি কৰাৰ বিৰোধিতা কৰা নাই, মাথোঁ বাস্তৱতা খিনিক উদঙাই দিছোঁ। আপোনাৰ সন্তান এটা বা দুটা ,কিন্তু আপোনালোকৰ সংযুক্ত আয় প্ৰয়োজনতকৈ অধিক বেছি।ভাবেনে আপুনি কাৰ বাবে উপাৰ্জন কৰিছে ইমান টকা? আপোনাৰ সন্তানক যদি আপোনাৰ সান্নিধ্যৰ অভাৱত ছটফটীয়াব লগা হয় তেন্তে কি মূল্য আছে আপোনাৰ সম্পদেৰে গঢ়া পাহাৰৰ? আপোনাৰ অভাৱ পূৰ্ণ কৰাৰ বাবে হয়তো সন্তানে জেদ কৰা প্ৰতিটো বস্তুয়েই কিনি দিব আপুনি,কিন্তু আপুনি নাজানে যে আপোনাৰ আঁৰত আপোনাৰ সন্তানে তাৰে কিমান দুষ্ট চক্ৰৰ লগত জড়িত হৈ পৰিব?এটা সময় হয়তো আহিব পাৰে যেতিয়া আপোনাৰ সন্তানৰ দুষ্কাৰ্যৰ বাবে সম্পদৰ পাহাৰ কিছু কিছু কৰি ক্ষয় গৈ সমতলত পৰিণত হ’ব আৰু আপুনি বাধ্য হৈ একো কৰিব নোৱাৰি ৰ লাগি চাই ৰ’ব।টকা বা সম্পদ দৰৱৰ দৰেই, প্ৰয়োজনতকৈ কম বা বেছি হ’লে ক্ষতি কৰাটো খাটাং।সময় শেষ হোৱা নাই, গতিকে আপুনি আজি নহয়….এতিয়াই সংকল্প কৰক আপোনাৰ পৰিয়ালক অনাকাংক্ষিত সংকটৰ পৰা ৰক্ষা কৰিবলৈ। আপুনি হয়তো মৃত্যুৰ শেতেলি শুই পৰিব কিন্তু আপোনাৰ ব্যস্ততাৰ অৱসান নহ’ব। গতিকে কৰ্ম আৰু আনন্দ এটি মুদ্ৰাৰ দুটি পিঠি হিচাপে ভাবি লওঁক। ব্যস্ততা কমাই দিয়ক পত্নী সন্তানক সময় দিয়ক।