ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত সাংবাদিক জ্যোতিস্মান নাথৰ “ইন ইউৰ মাইণ্ড ছ আই” নামৰ আকৰ্ষণীয় প্ৰেৰণা মূলক গ্রন্থ উন্মোচন

ব্যতিক্ৰম গোষ্ঠীৰ উদ্যোগত সাংবাদিক জ্যোতিস্মান নাথৰ “ইন ইউৰ মাইণ্ড ছ আই” নামৰ আকৰ্ষণীয় প্ৰেৰণা মূলক গ্রন্থ উন্মোচন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাব প্রেক্ষাগৃহত সাংবাদিক জ্যোতিস্মান নাথৰ ‘ইন ইউৰ মাইণ্ড’ ছ আই” নামৰ এখন প্ৰেৰণামূলক গ্ৰন্থৰ লগতে কবি সাহিত্যিক জীৱন নাথৰ তিনিখন ছুটি গল্প আৰু প্ৰবন্ধ গ্রন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাংলাদেশৰ বঙ্গবন্ধু শেখ মুজিবুৰ চিকিৎসা মহাবিদ্যালয়ৰ ইন্টাৰভেঞ্চনেল। হেপাট’লজী বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ মামুন আল মেহটাব, পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক তিমিৰ দে, কবি সঞ্জয় চক্ৰৱর্তী, ব্যতিক্রম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়াৰ লগতে বহু কেইগৰাকী ব্যক্তি। গ্রন্থ উন্মোচন কৰি চিকিৎসক ডাঃ মামুন আল মেহটাবে কয়, “ব্যতিক্ৰমৰ লগত মই বহুবছৰ ধৰি জড়িত হৈ আছো, আজি এনে এটা বিশেষ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ। ব্যতিক্রম গোষ্ঠীয়ে ইতিমধ্যে বাংলাদেশ আৰু ভাৰত তথা অসমৰ মাজত এটি সু-সম্পর্ক স্থাপন কৰাৰ লগতে ভাষা সাংস্কৃতিক আদান প্রদানত এক বিশেষ ভূমিকা পালন কৰি আহিছে।” লেখক জ্যোতিস্মান নাথে কয়, “এইখন মোৰ জীৱনৰ প্ৰথম গ্রন্থ, গ্ৰন্থখনি পঢ়ুৱৈ সমাজে আঁকোৱালি ল’ব বুলি মই আশাবাদী।” গ্রন্থ উন্মোচনত উপস্থিত থাকি অধ্যাপক ড. তিমিৰ দে দেৱে কয়, ‘ব্যতিক্রম গোষ্ঠী আৰু ভিকি পাবলিচার্হে ইতিমধ্যে ভাৰতৰ বহু ভাষাৰ বহুতো গ্রন্থ প্রকাশ কৰি আহিছে। মই সংস্থাটিৰ বিভিন্ন গ্রন্থ উন্মোচনী সভাত উপস্থিত আছো কিন্তু আজিৰ এই গ্রন্থ। উন্মোচনী অনুষ্ঠানটি কিছু পৃথক। আজিৰ অনুষ্ঠানত প্রকাশিত হয় পিতা-পুত্ৰৰ ৰচিত মুঠ চাৰিখন গ্রন্থ। আমি আশাবাদী যে গ্রন্থকেইখনি পাঠক সমাজে আদৰি লব।’ ব্যতিক্রম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়াদেৱে কয় যে, “বৰ্তমান সময়ত নতুন প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি হাবিয়াস প্রায় নোহোৱা হৈছে, কিন্তু আমি সদায়ে চেষ্টা কৰো যে লেখক আৰু পাঠকৰ সম্পৰ্কটো আগৰ দৰে ঘুৰি আহক, উঠি অহা প্ৰজন্মই গ্ৰন্থৰ প্রতি অধিক আকর্ষিত হওঁক আৰু সেই বাবে আমি আমাৰ প্ৰকাশনৰ পৰা আকর্ষণীয় কিতাপ পাঠকৰ মাজলৈ আগবঢ়ায় দিব চেষ্টা কৰি আহিছো।” গ্রন্থ উন্মোচনৰ লগতে গীত আৰু নৃত্যৰে অনুষ্ঠানৰ সামৰণি কৰে।