ব্যতিক্রম মাছড’ৰ উদ্যোগত তিনিদিনীয়া শাস্ত্রীয় নৃত্য কর্মশালা-ৰ সফল সমাপ্তি

ব্যতিক্রম মাছড’ৰ উদ্যোগত তিনিদিনীয়া শাস্ত্রীয় নৃত্য কর্মশালা-ৰ সফল সমাপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ প্ৰাগজ্যোতিষ মাছখোৱা আই টি এ চেন্টাৰত ব্যতিক্ৰম মাছড’ৰ উদ্যোগত তিনিদিনীয়া শাস্ত্রীয় নৃত্য কর্মশালা সফলভাবে সমাপ্ত হয়। যোৱা 28, 29, 30 জুন তাৰিখে শাস্ত্রীয় নৃত্যৰ এই তিনিদিনীয়া কর্মশালা অনুষ্ঠিত হয়। শাস্ত্রীয় নৃত্যৰ এই কর্মশালাত বিশেষ প্রশিক্ষক হিচাপে উপস্থিত থাকে মুম্বাইৰ প্রখ্যাত নৃত্যশিল্পী সুধন্যা বেনার্জী। এই কর্মশালাত প্রায় 50 জন ল’ৰা-ছোৱালীয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে সুধন্যা বেনাৰ্জীৰ নেতৃত্বত ‘ভাৰত নাট্যম’ নৃত্যৰ মৌলিক প্রশিক্ষণ প্রদান কৰাৰ লগতে ভাৰত নাট্যমৰ বিশেষ কেইবাটাও মুদ্রাৰ তাত্ত্বিক বিষয় অবগত কৰা হয়। প্রথম আৰু দ্বিতীয় দিনা কর্মশালাত অংশগ্রহণকাৰীসকলক ভাৰতনাট্যম নৃত্যৰ প্রশিক্ষণ দিয়া হয়। তৃতীয় দিনা বিয়লি 4 বজাৰ পৰা এটি আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ অন্তৰা কলা কেন্দ্ৰৰ প্রতিষ্ঠাপক অধ্যক্ষ মন্দিৰা ভট্টাচার্য, মুম্বাইৰ ভাৰতনাট্যম নৃত্যশিল্পী সুধন্যা বেনার্জী, শীলা বেনাৰ্জী, সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ৰ শিক্ষয়িত্রী ইন্দ্রাক্ষি দত্ত, নৃত্যশিল্পী চয়নিকা শর্মা, তনয় বয়, ব্যাতিক্রম মাছড’ৰ সভাপতি ড° সৌমেন ভাৰতীয়া আৰু আন ভালেসংখ্যক ব্যক্তি।

অনুষ্ঠানৰ আৰম্ভণিত কর্মশালাত অংশগ্রহণ কৰা সকলো শিল্পীয়ে প্রশিক্ষক সুধন্যা বেনাৰ্জীৰ নেতৃত্বত নৃত্য পৰিবেশন কৰে। তাৰ পাছতেই নৃত্যশিল্পী সুধন্যা কেনার্জীয়ে তেওঁৰ আকর্ষণীয় নৃত্য প্রদর্শন কৰি কয়, “ভাৰতীয় শাস্ত্রীয় নৃত্যসমূহৰ ভিতৰত ভাৰতনাট্যম হৈছে অন্যতম এটি নৃত্য। এই নৃত্যৰ ধাৰাটো হৈছে দক্ষিণ ভাৰতৰ। সেয়েহে, দক্ষিণ ভাৰতৰ শাস্ত্রীয় নৃত্য বুলি ক’লে ভাৰতনাট্যমকে আঙুলিয়াব পাৰি। দক্ষিণ ভাৰতৰ লগতে উত্তৰ-পূব ভাৰততো ইয়াৰ চৰ্চা চলি আছে। মুম্বাইৰ পৰা আহি গুৱাহাটীত ভাৰতীয় শাস্ত্রীয় নৃত্যৰ বিষয়ে অলপ হলেও অভিজ্ঞতা ব্যক্ত কৰিব পাৰিছোঁ কাৰণে মই নিজকে সৌভাগ্যশালী বুলি অনুভৱ কৰিছো আৰু এই সুযোগখিনি দিয়া বাবে মই ব্যতিক্রম মাছড’ৰ লগতে ড° সৌমেন ভাৰতীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

সুধন্যা বেনাৰ্জীৰ নৃত্যনুষ্ঠানৰ পাছতেই নৃত্য প্রদর্শন কৰে সাইনী দত্ত, সুপ্রিয়া সৰকাৰ, পাৰমিতা দত্ত, তনয় ৰয় আৰু তানিশা দত্ত।

অনুষ্ঠানৰ সন্দৰ্ভত ব্যতিক্রম মাছড’ৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, ‘ইতিমধ্যে আমি সাংস্কৃতিক ক্ষেত্রখনত বহুতো কাম কৰি আহিছোঁ। আমি বিশ্বাস কৰোঁ যে এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ কলা-কৃষ্টিসমূহৰ সম্পর্ক শক্তিশালী হয়। ভাৰতৰ কলা-কৃষ্টিসমূহ বিশ্বৰ দৰবাৰত পৰিচয় কৰোৱাই হৈছে আমাৰ এক প্রচেষ্টা। আমি আশা কৰোঁ,

এনে ধৰণৰ অনুষ্ঠান ভবিষ্যতেও আপনালোকৰ মাজত আগবঢ়াম।’

অনুষ্ঠানৰ শেষত সকলো অংশগ্রহণকাৰীক আমন্ত্রিত অতিথিৰ দ্বাৰা একোখনকৈ মানপত্র প্রদান কৰা হয়।