বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি

PC - The Janambhumi

বোকাখাতত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি

ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ নাহৰজান চাহ বাগিচাত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি।স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক ৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামী মধু নায়কে পত্নী মেঘা নায়কক কৰিলে অগ্নি সংযোগ।শৰীৰৰ ৬০ শতাংশ জ্বলি যোৱা মধু কৰ্মকাৰক স্থানীয় লোকৰ সহযোগত বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷কমলা মিৰি অসামৰিক চিকিৎসালয়ত মেঘা নায়কক প্ৰাথমিক চিকিৎসাৰ অন্তত ততাতয়াকৈ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাৰ পিছতে একাংশ ক্ষুব্ধ স্থানীয় লোকে স্বামী মধু নায়কক উত্তম মাধ্যম শোধায়।গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত মধু নায়কক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে ৷