বেলজিয়ামৰ হাতত ০-৫ গ’লত পৰাস্ত ভাৰতীয় মহিলা হকী দল

pc My Khel

বেলজিয়ামৰ হাতত ০-৫ গ’লত পৰাস্ত ভাৰতীয় মহিলা হকী দল

ৰঙিলী বাৰ্ত্তাসেৱা–  বেলজিয়ামৰ এণ্টৱাৰ্পত এফ আই এইচ হকী প্ৰ’ লীগ টাইৰ দ্বিতীয় পৰ্যায়ত ভাৰতীয় মহিলা হকী দল বেলজিয়ামৰ হাতত ০-৫ ব্যৱধানত পৰাজিত হয়। তেওঁলোকে শনিবাৰে বেলজিয়ামৰ বিৰুদ্ধে প্ৰথমখন মেচত ১-২ গ’লত পৰাজিত হৈছিল। ভাৰতে পৰৱৰ্তী ১৮ আৰু ১৯ জুনত নেডাৰলেণ্ডৰ ৰটাৰডামত আৰ্জেণ্টিনাৰ মুখামুখি হ’ব। ১০ খন মেচৰ পৰা ২২ পইণ্টৰ সৈতে ভাৰত বৰ্তমান তৃতীয় স্থানত আছে।