বেতৰ প্ৰহাৰৰ পৰা ৰক্ষা পাবলৈ এখন পত্ৰ
লৈ যোৱাৰ কথা মনত পৰি হাঁহি উঠিছে
স্মৃতি মনৰ দাপোন ,য’ত ভাশ্বত হৈ উঠে এৰি অহা দিনবোৰ, খোজবোৰ,সময়বোৰ । স্মৃতিৰ সৈতে জীৱনৰ সম্পৰ্ক ইমান ব্যাপক আৰু ইমান নিবিড় যে অতীত স্মৃতিয়ে জীৱনক জীপাল কৰিও তোলে আৰু বৰ্তমান জীৱনৰ বাবে অতীত স্মৃতি শিক্ষণীয় হৈয়ো পৰে । এনেবোৰ কাৰণতে জীৱনৰ সৈতে স্মৃতি ,বাস্তৱ আৰু বিভ্ৰম এই তিনিটাৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা । আকৌ সময় , অতি নিৰপেক্ষ এক প্ৰবাহ । সময়ৰ চলমান সোঁতত যি যিহকে পেলাই দিয়ে ,নৈৰ সোঁতৰ দৰে উটুৱাই নিয়ে । পাৰ্থক্য মাথোন ইমানেই যে নদীৰ সোঁতত উটি যোৱা বস্তু উটি গুচি যায় , কিন্তু সময়ৰ সোঁতত উটি যোৱা আমাৰ কৰ্মই আমাৰ জীৱনৰ ৰং আৰু ৰূপটো গঢ়ি তোলে। আমি যদি বেয়া কাম কৰো তেনেহ’লে সেই অসৎ কৰ্ম কৰা সময়খিনিয়ে আমাক দিব গৰল আৰু যদি ভাল কাম কৰোঁ তেনেহ’লে ভাল কাম কৰা সময়খিনিয়ে আমাক দিব অমৃত ( “জীৱন কলা ” নামৰ গ্ৰন্থখনৰ “সময় গৰল আৰু অমৃত ” মনাৰ প্ৰবন্ধতোৰ পৰা মূল্যৱান কথাখিনি লোৱা হৈছে ,লেখক ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা ) ।
এতিয়া আঁহো অতীতলৈ মনটো ঢাপলি মেলাৰ মূল প্ৰসংগলৈ । ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৱে “এক দেশ –এক ভাষা” ৰ নীতি উত্তৰ পূৰ্বাঞ্চলত প্ৰয়োগ কৰাৰ কাৰণে চিন্তা-চৰ্চা কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই সকলোৱে ইয়াৰ বিৰোধিতা কৰাতো পৰিলক্ষিত হৈছে । ভাষা শিকাত আপত্তি কাৰো নাই । হিন্দী ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি পোৱাত ভাষাতো শিকা , সন্মান কৰাৰ আমি পক্ষপাতী কিন্তু বিৰোধিতা কৰাৰ মূখ্য কাৰণ গৃহমন্ত্ৰী গৰাকীয়ে অন্যান্য আঞ্চলিক ,জনজাতীয় ভাষাসমূহ গুৰুত্বহীন কৰিব বিচৰা মানসিকতা ।
আমি পঢ়াৰ সময়ত সপ্তমমান শ্ৰেণীলৈকে হিন্দী বিষয়তো বাধ্যতামূলকে আছিল । হাইস্কুলৰ পৰাহে ছাত্ৰ –ছাত্ৰীয়ে সলাব পাৰিছিল সংস্কৃত ,হিন্দী ,আৰু বুৰঞ্জী ইত্যাদি বিষয়কেইটা । উল্লেখযোগ্য মই অষ্টমমান শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত হাঁহি মুখে নিজৰ ৰুচি অনুসাৰে বুৰঞ্জী বিষয়তো বাচি লঁও ।
সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে এদিন আমাৰ প্ৰথম পিৰিয়দতে হিন্দী বিষয়তো আছিল । শিক্ষক আছিল মাননীয় শ্ৰীযুত লাহেশ্বৰ নাথ ছাৰ ,( পিছলৈ কপাহেৰা বিদ্যালয়ৰেই অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছে ) সেইদিনা ঘৰুৱাহী কামত ব্যস্ত থকাৰ কাৰণে পাঠৰ মূখস্থ দিব নোৱাৰাৰ ভয়ত (হিন্দীত সঁচা অৰ্থত মই বৰ দুৰ্ব্বল আছিলো ) স্কুললৈ নেযাওঁ বুলি বৌৰ ওচৰত কথাতো ক’লে। বৌৱে নিজে একো সিদ্ধান্ত দিব নোৱাৰি আমাৰ দাদাক কথাতো জনালেগৈ । দাদাই শুনাৰ পিছত মোক মাতি আনি ক’লে – তই এটা ক্লাছৰ কাৰণে স্কুলখন ক্ষতি কৰিবিনে ? তাৰ পিছত শিক্ষক কোন সুধিলে । মই ছাৰৰ নাম লোৱাত দাদাই কাগজ এখনে কলম এটাই আনিব ক’লে, মই উদাত্ত মনেৰে কাগজ –কলম আনি দিলোহি । দাদাই চাৰি শাৰীৰ ধুনীয়া আখৰেৰে চিঠিখন লিখি মোৰ হাতত দি ক’লে –“ছাৰক এইখন দি দিবি ,তোৰ একো নহয় নেমাৰে । উল্লেখ কৰা ভাল হ’ব আমাৰ দাদাই সেই বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ শিক্ষক আছিল । ১০ বছৰৰ পিছত তাৰ পৰা আমাৰ পিতৃৰ পষ্টত চাকৰি পাই বাৰ পূজীয়ালৈ, গ’লগৈ , ঘৰৰ পৰা ৩ কিঃমিঃ দূৰত্বত অৱস্থিত বাৰপূজীয়া , তেওঁ ইয়াত ভূগোল আৰু বুৰঞ্জীৰ শিক্ষক । তাৰ পিছত চিঠিখন হাতত লৈ কোবা-কোবিকৈ পঢ়াশালীলৈ ৰাওণা হ’লো । ভয় –শংকা মনত আছিল কিন্তু।
লাহেশ্বৰ নাথ ছাৰে যথা সময়ত হাজিৰা বহীখনৰ মাজত বেতডাল সুমুৱাই লৈ শ্ৰেণীকোঠাত প্ৰবেশ কৰিলে। হাজিৰা কৰাৰ পিছত মুখস্থ দিয়াৰ পৰ্ব আৰম্ভ হ’ল । মই প্ৰথম বেঞ্চৰ চাৰিনম্বৰত । প্ৰথম দুজনে সু-ষ্পষ্ট ভাৱে মুখস্থ দিব নোৱাৰাত বেতৰ কোব খাইছে ,( তিনিকোব ) তৃতীয়জনে পাৰিলে । তেওঁৰ নাম আছিল প্ৰভাৱ চন্দ্ৰ ফুকন । এতিয়া তেওঁ উচ্চ পৰ্যায়ৰ বিষয়া মোৰ হৃয়প্ৰিয় বন্ধু , সঘনাই আমাৰ লগালগি হৈ থাকে । অতীতৰ স্মৃতি ৰোমন্থন কৰো হৃয়া উজাৰি। যাহওঁক ৪ৰ্থত মোৰ পাল পৰাত মই চিঠিখন উলিয়াই দিয়াত ছাৰে পঢ়ি হাঁহি এটা মাৰি মোক বহিবলৈ ক’লে । মই সেই দিনা মহাবিপদৰ পৰা ৰক্ষা পৰিলো।
উল্লেখ কৰা ভাল হ’ব ,এই বিষয়তোক লৈ বিতৰ্ক চলি থকাৰ মাজতে আমাৰ অসমৰ বিচক্ষণ , কাৰ্যক্ষম তথা সমাজহিতৈষী , জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল –হিন্দী ভাষা নজনাৰ কাৰণে ভালদৰে নিশিকাৰ কাৰণে দিল্লীলৈ গ’লে বহু সময়ত মইও বহুত অসুবিধাত পৰিব লগা হওঁ । তেখেতৰ গুৰুত্বপূৰ্ণ ,সমযোপযোগী মন্তব্যক মই ব্যক্তিগতভাৱে সমৰ্থন কৰোঁ । কিয়নো অসম আন্দোলন কৰি থকাৰ মাজতে ১৯৮৫ চনত কলেজ এৰি সামৰিক বাহিনীত নিযুক্ত হওঁ । তাত বুধবাৰে কাৰ্যালয়ৰ কাম- কাজ সমূহ হিন্দীত কৰাতো বাধ্যতামূলক হোৱাৰ কাৰণে আমাৰ হৈ হাৰিয়ানা ,ৰাজস্থান, বিহাৰ ,উত্তৰ প্ৰদেশৰ সকলে কাম চলাইছিল যাৰ কাৰণে উচ্চ পদস্থ বিষয়াই আমাক সমালোচনা কৰিছিল। আমি নীৰৱে সহ্য কৰিব লগা হৈছিল ।
আমাৰ নতুন প্ৰজন্মৰ বহুতেই হিন্দীতো, বাদেই নিজৰ মাতৃভাষাতোকে আগ্ৰহেৰে পঢ়িবলৈ , ভাষাৰ ওপৰত সাহিত্য চৰ্চা কৰিবলৈ , মূল বিষয় হিচাপে গৱেষণা কৰিবলৈ অনীহা প্ৰকাশ কৰা দেখা যায়। ভাষাৰ ওপৰত জ্ঞানৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে । এয়া বৰ চিন্তনীয় , দুখজনক বিষয়। অশুভ লক্ষণ সচাঁকৈ । শিক্ষাবিদ , দাৰ্শনিক Herbert Spencer এ কৈছিল –“Never educate a child to be a gentleman or lady only , but to be a man , a woman .” চিন্তাবিদগৰাকীয়ে অতি শুদ্ধভাৱেই কৈছে যে আমি আমাৰ শিশুসকলক তথাকথিত আধুনিক ভদ্ৰলোক –ভদ্ৰমহিলা কৰিবৰ বাবে শিক্ষা দিয়া উচিত নহয় , আমাৰ শিশুসকলক শিক্ষা দিয়া উচিত মানৱীয় গুণযুক্ত যথাৰ্থ মানুহ হ’বলৈহে । কিন্তু সম্পতি বাস্তৱত আমি দেখিছো কি ? বিদ্যালয় , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱাৰ প্ৰৱণতাই সমাজখনত খোপনি পুতিছে । ই ভাল কথা আৰু ই শুভ লক্ষণো । কিন্তু উচ্চ শিক্ষাৰে শিক্ষিত সমাজখনত আমি যি দেখিছো ,সেই ৰূপটোৱে আমাক আশাবাদী কৰাৰ পৰিৱৰ্তে শংকিতহে কৰিছে দেখোন ।
আামাৰ লগৰ সহকৰ্ম্মী সকলে ডাকযোগে বাতৰি কাকত –আলোচনী মগাই আজৰি সময়ত পঢ়ে। মালয়ালম , কানাড়া ,তেলেগু মণিপুৰী উৰিয়াসকল ইয়াৰ উদাহৰণ । কিন্তু আমাৰ বহু শিক্ষকৰ ঘৰতেই বাতৰি কাকত ,আলোচনী, গ্ৰন্থ পঢ়াৰ অভ্যাস নাই । মবাইলতে সকলো পাই বুলি যুক্তি দিয়ে । মবাইল , ইন্টাৰনেটে তথ্যহে দিব পাৰে কিন্তু জ্ঞান দিব নোৱাৰে ।
জ্ঞান দান যে মহৎ দান এই বিষয়ে স্বামী বিবেকানন্দই কৈছে – “ The gift of knowledge is a far higher gift than that of food and clothes ,it is even higher than giving life to a man , because the real life of man consists of knowledge . Ignorance is death, knowledge is life .” বিবেকানন্দৰ এই কথাষাৰ আমাৰ শিক্ষক শ্ৰেণীটোৱে গুৰুত্ব সহকাৰে পালন কৰা উচিত । কাৰণ অন্ন –বস্ত্ৰ দানতকৈয়ো জ্ঞানদান সচাঁকেযে শ্ৰেষ্ঠ । আনকি জীৱন দানতকৈ জ্ঞান দান শ্ৰেষ্ঠ । কাৰণ আচল জীৱনৰ পৰিচয় জ্ঞানহে । অজ্ঞতাই মৃত্যু , জ্ঞানেই জীৱন ।
নিখিলৰঞ্জন গোস্বামী
কপাহেৰা , মৰিগাঁও