বেটী বচাও বেটি পঢ়াও” আঁচনিৰ অধীনত মাজুলীত মহিলা ভলীবল প্ৰতিযোগিতা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ “বেটী বচাও বেটি পঢ়াও” আঁচনিৰ অধীনত মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলী , জিলা প্ৰশাসন আৰু সংকল্পঃ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ মাজুলীৰ উদ্যোগত আৰু জিলা ক্ৰিয়া বিভাগৰ সহযোগত গড়মূৰ কছাৰী মৈদামত আজি এখনি এদিনীয়া মহিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । মাজুলী জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি উদ্বোধন কৰে স্থানীয় বিধায়ক ভুৱন গামে । প্ৰতিযোগিতাখনিত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে নিজৰ বক্তব্যৰে খেলুৱৈ সকলক উৎসাহিত কৰে । এদিনীয়া মহিলা ভলীবল প্ৰতিযোগিতাখনত কমলাবাৰী টাউন ভলীবল টীম, ফাইভ ষ্টাৰ ভলীবল টীম, উজনি মাজুলী ভলীবল টীম আৰু ডাইমণ্ড ভলীবল টীমে অংশগ্ৰহণ কৰে। ভলীবল প্ৰতিযোগিতাখনিৰ আকৰ্ষণীয় চূড়ান্ত খেলখনত ফাইভ ষ্টাৰ ভলীবল টীমে বিজয়ীৰ খিতাপ দখল কৰে আৰু কমলাবাৰী টাউন ভলীবল টীমে দ্বিতীয় বিজয়ী ৰানাৰ্ছ-আপ খিতাপ দখল কৰে। খেলখনিত মুনু বৰুৱাই শ্ৰেষ্ঠ খেলুৱৈ আৰু জুনমণি নাটে শ্ৰেষ্ঠ লেফ্টাৰ স্থান দখল কৰে । খেলখনত অতিৰিক্ত জিলা আয়ুক্ত তৰালী দাস আৰু সহকাৰী আয়ুক্ত সংগীতা বৰুৱা আৰু বিভিন্ন বিভাগৰ বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে ।