বেছিকৈ সুবিধাজনক স্থিতি হোৱাটোৱেই বৰ বেয়া – চন্দ্ৰ শেখৰ পৰাজুলী

বেছিকৈ সুবিধাজনক স্থিতি হোৱাটোৱেই বৰ বেয়া
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
মানৱ ইতিহাসৰ আৰম্ভণিৰ পৰা মানুহে জীৱন নিৰ্বাহ প্ৰনালীৰ লগত অহৰহ ভাবে যুদ্ধ কৰি কৰি আজি আমি এখন উন্নত আৰু বিকশিত সমাজ নিৰ্মাণৰ দিশত আগুৱাই গৈছো। ইয়াৰ ফলস্বৰূপে এতিয়া সময়ত প্ৰায়বোৰ মানুহে নিজৰ জীৱনত সুবিধাজনক স্থিতিক লৈ জীৱন নিৰ্বাহ কৰিবলৈ বিচাৰে। কিন্তু এজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিবলৈ হ’লে কিমান পৰিমানে সুবিজনক বা সুবিধাদায়ক স্থিতিত থাকিবলগীয়া হ’ব লাগে ইয়াৰ কোনো ধৰাবন্ধা সীমাৰেখা নাথাকে নহয়নে ? তথাপিও মানুহৰ জীৱন বহু সফলতা অৰ্জনত বেছিভাগ ক্ষেত্ৰতে  সুবিধাজনক স্থিতি হোৱাটোৱেই বৰ বেয়া পৰিলক্ষিত হয়। সকলো ধৰণৰ সুবিধাজনক স্থিতিয়ে বেচিভাগ ক্ষেত্ৰতে বৰ বেছিকৈ সফল মানুহৰ নিৰ্মাণত অসমৰ্থ হোৱা দেখিবলৈ পোৱা যায়। কাৰণ সফলতাৰ বাবে বহু সংগ্ৰামৰ প্ৰয়োজন হয় আৰু এজন মানুহৰ জীৱনত থকা সুবিধাজনক স্থিতিয়ে সংগ্ৰাম কৰিবলৈ বেছিভাগ ক্ষেত্ৰতে শিক্ষা প্ৰদান নকৰে।আচলতে কেতিয়াবা মন কৰিবচোন ঘৰত বাগিচাত আৰু মুকলি ঠাইত একেসময়তে লগোৱা গছজোপাৰ মাজত বহু ডাঙৰ পাৰ্থক্য আহি পৰাটো কিয় নিশ্চিত হৈ থাকে ? কাৰণ ঘৰৰ বাগিচাত লগোৱা গছজোপায়ে যদিও প্ৰতিদিনে চোৱা চিতা কৰা হয়। তথাপিও সেই গছজোপাক সময়ে সময়ে বেছিকৈ বাঢ়ি যোৱাৰ ভয়তে ঘৰত মালিকে গছজোপাৰ ডাল-পাত সময়ে সময়ে কাটি থকা পৰিলক্ষিত হয়। কিন্তু এখন মুকলি ঠাইত লগোৱা গছজোপায়ে মুক্ত মনেৰে চৌদিশে এক বিশাল বৃক্ষ হৈ বগাই গৈ থাকে। সেয়েহে আমিও বিশাল এক বৃক্ষৰ ৰূপ ল’বলৈ হ’লে সকলো ধৰণৰ সংগ্ৰামৰ মাজেৰে নিজৰ জীৱনক আগুৱাই লৈ যাবলৈ  প্ৰস্তুত থাকিব লাগিব। নহ’লে বেছিকৈ সুবিধাজনক স্থিতিয়ে সেই ঘৰৰ চৌহদত লগোৱা কেৱল এক সাধাৰণ বৃক্ষৰ আকাৰতে শান্ত হ’ব লাগিব। এতিয়া কথা হ’ল আমাৰ জীৱনত আমি সদায় সুবিধাজনক স্থিতিয়ে বিচাৰি ফুৰো নহয়নে?  আমাৰ বেছিভাগ মানুহৰ জীৱনত অকণমান দুখ, কষ্টয়ে আবৰি ধৰিলে আমি একেবাৰে সহজতে মনোবল ভাঙি পেলাওঁ। কিন্তু এখন ৰকেটৰ দৰে আকাশক ফালি আগুৱাই যাবলৈ হ’লে পোনপ্ৰথমে ৰকেটৰ তলিৰ দৰে বহুত জ্বলি-পোৰি নিজকে প্ৰস্তুত কৰি ল’ব লাগিব। সেয়েহে জীৱনত সদায় নিজৰ সুবিধাজনক স্থিতিক ত্যাগ কৰি ওলাই আহক। সংগ্ৰামৰ অবিহনে আয়ত্ব কৰা লক্ষাধিক টকাতকৈ কঠোৰ সংগ্ৰামৰ জৰিয়তে আয়ত্ব কৰা এশ টকাৰে মূল্য অত্যধিক হয়। হ’ব পাৰে আপুনি আয়ত্ব কৰা লক্ষাধিক টকাৰ জৰিয়তে সকলো ধৰণৰ সা-সুবিধাবোৰ উপভোগ কৰিবলৈ সক্ষম হ’ব। তথাপিও আপুনি জীৱনত আচল মানসিক তৃপ্তি আয়ত্ব কৰিবলৈ অসমৰ্থ হৈ পৰিব। কিন্তু সংগ্ৰামৰ জৰিয়তে আয়ত্ব কৰা মাত্ৰ এশ টকা হ’লেও আপুনি জীৱনত বহু তৃপ্তি লাভ কৰিবলৈ সক্ষম হ’ব। গতিকে বেছিকৈ সুবিধাজনক স্থিতি হোৱাটোৱেই বৰ বেয়া কথাটো আপোনালোকে কিমান দূৰ সত্য আৰু কিমান যুক্তিসংগত কথা‌ বুলি  ভাবে মতামত প্ৰদান কৰিবলৈ নাপাহৰিব দেই।