বেছামাৰী এ বি ছিদ্দিক জাতীয় বিদ্যালয়ৰ ছাত্ৰী আফ্ৰোজোন আকতাৰৰ “চন্দ্ৰাৱলী” শীৰ্ষক এখনি কবিতা পুথি উন্মোচন

বেছামাৰী এ বি ছিদ্দিক জাতীয় বিদ্যালয়ৰ ছাত্ৰী আফ্ৰোজোন আকতাৰৰ “চন্দ্ৰাৱলী” শীৰ্ষক এখনি কবিতা পুথি উন্মোচন

আদিলুৰ ৰহমান, টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰনী শিক্ষানুষ্ঠান বেছামাৰী এ বি ছিদ্দিক জাতীয় বিদ্যালয়ত আজি বিদ্যালয়ৰ খনৰ দশম শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰী আফ্ৰোজোন আকতাৰৰ “চন্দ্ৰাৱলী” শীৰ্ষক এখনি কবিতা পুথি উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জাতীয় বিদ্যালয়খনৰ অধ্যক্ষ জালাল উদ্দিন খন্দকাৰে কবিতা পুথি খনি উন্মোচন কৰি পিছপৰা অঞ্চলটোৰ দৰিদ্ৰ মেধা ছাত্ৰী গৰাকীৰ সৃজনশীল প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে। বিদ্যালয় খনৰ শিক্ষক লক্ষ্যধৰ তালুুকদাৰে অনুষ্ঠানটিৰ আঁত ধৰি ছাত্ৰীগৰাকীৰ জীৱন সংগ্ৰামৰ বিষয়ে আলোকপাত কৰি ভবিষ্যতৰ দিনত অধ্যয়নৰ সমান্তৰালকৈ সাহিত্য চৰ্চাত ব্ৰতী হবলৈ প্ৰেৰণা দিয়ে। উল্লেখ্য যে, আফ্ৰোজোন আখতাৰ নামৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে দ্বিতীয় শ্ৰেণীৰ পৰাই কবিতাৰ চৰ্চা কৰি আজি “চন্দ্ৰাৱলী” শীৰ্ষক প্ৰথমখন কবিতা পুথি প্ৰকাশ কৰে। অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুজাম্মিল হক, সম্পাদক চামচুল হক, প্ৰাক্তন সভাপতি ইছমাইল হুছেইন, মহিবুৰ ৰহমান, ফাইজুল ইছলাম, কল্পনা বৰদলৈ, আনছাৰ আহমেদ, নিজাম উদ্দিন, গিতু কুমাৰ নাথ, এনি ডেকা, বিপ্লৱ কুমাৰ নাথ, আলতাব উদ্দিন আহমেদ, আব্দুছ ছেলিম চৌধুৰী, ইজাজুল হককে আদি কৰি শিক্ষক অতিথি, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।