বেচা-কিনা- কিৰণ দাস

বেচা-কিনা
       
 কিৰণ দাস
অ, ককাই,!
ইয়াত চোন সকলো হয় বেচা- কিনা!!
সাহিত্যৰ পৰা সংস্কৃতিৰ লৈ
সভাৰ পৰা সন্মান লৈ
মানৰ পৰা মগজু(!) লৈ-!
সকলোতে চলে নিলামী দৰ-দাম –
মাৰফতৎ ……….
বৰঙণি অৰিহণা-দান-
ন’হলে……
তোষামোদৰ মধু কৰিব লাগিব প্ৰদান
কৰিব লাগিব বেপাৰীৰ যশ গুণৰ গান,,
কেৱল বিক্রি নহয় প্ৰকৃত ইমানদাৰৰ
মজবুত “ইমান আৰু স্বভিমান”
কিনিবলৈ দুষ্প্রাপ্য ইয়াত
আচল বিদূষক- বিদূষীনীৰ মহৎ জ্ঞান ।।
আজিৰ আজৱ  দুনিয়াত
দেহ মন অন্তৰৰো মতলবীয়ে কৰে দৰ-দাম
বাসনা আৰু বেশ্যা এনেয়ে হয় বদনাম,,
বিনিময় প্ৰথাৰে বোটলাই বোটলে
শিল্প-সাহিত্যিক সমাজ সেৱকৰ
পোছাকী নাম সন্মান-!!
ব্যক্তি তান্ত্রিক অনুষ্ঠান সভা সমিতিও হৈছে
একোখন মান-স্থান কিনা-বেচাৰ মণ্ডী
অনায়াসে সন্মান-সম্বৰ্দ্ধনা হৈছে বিক্রী
কিনোতাই কিনিছে, বিক্ৰেতাই কৰিছে বিক্রী
কেৱল বিক্ৰী ন’হয় সত্য শুদ্ধ
প্ৰজ্ঞা প্ৰতিভা যথাৰ্থ,,,,
বিক্রি ন’হয় কেৱল ব্যক্তিত্বশীল ইমানদাৰৰ
মহত্তম” ইমান আৰু স্বভিমান”-।।
বটাঁৰ পৰা বাগ্মীতালৈ  লৈ
পাঞ্জাৱী কুৰ্ত্তাৰ পৰা খাকী লৈ
ভব্য-গব্য দামী চুট
সেই ন্যায় অন্বেষী ক’লা কোট
জীৱনদায়ী চফেদ বগা কোট
সকলোৱে কিনিব পাৰি
লাগে মাথোঁ-কেইখনমান
লাল-গোলাবী খমখমীয়া নোট-,,
কেৱল-কিনিব নোৱাৰি ….
সস্তীয়া মান নিবিচৰা প্ৰকৃত….
ইমানদাৰ* শিল্পী-সাহিত্যিক-জাতিপ্ৰেমিৰ
“ইমান আৰু স্বভিমান”-।।
বৰ্তমান সময়ত মানুহৰ তন মনৰ পৰা
শিক্ষা সংস্কৃতিলৈকে
সকলোতে হয় গুপুত বেহা,,
য’ত হয় সংগোপনে
ডিগ্রী ডিপ্লোমা……
পদবী উপাধি…….
ভুৱা যশ – ফোপোলা গুণ বেচা-কিনা,,
বিক্ৰেতাই নিজকে মহান দেখাই
কিনোতাই নিজকে বিশিষ্ট সজাই-
এচাম তোষামোদকাৰীয়ে আকৌ
সেই বেপাৰী আৰু ভূৱা সকলৰে গুণ গাই-।।
অ,ককাই-দেখিছা নে নাই-!
সমাজত এতিয়া
পোছাকী -পেশাদাৰী কবি শিল্পী,গুণী-জ্ঞানী
সংস্কৃতি প্ৰেমি,জাতিপ্ৰেমিৰ বৃহৎ পয়োভৰ
প্ৰেৰণা পৰিচয়ৰ অজুহাতত সভাই অনুষ্ঠানে
 ব্যক্তিস্বার্থ আৰু বটাঁ-বাহনৰ উঠিছে
যোগ্য-অযোগ্যৰে সময়ে-অসময়ে লহৰ
নাই মাথোঁ-
আচল কবি শিল্পী গুণীৰ উচিত কদৰ
প্ৰজ্ঞা প্ৰতিভাধৰৰ যথোপযুক্ত সমাদৰ
আচল প্ৰজ্ঞা প্ৰতিভাধৰৰ আদৰ…।।
অ, ককাই,,,,
মা’য়ে কৈছিল যে-
দুনিয়া মৰম আৰু সম্পর্কৰে চলে-!
দেউতাই চোন কৈছিল-
দুনিয়া ধৰ্ম আৰু সৎ কৰ্মৰে  চলে
স্কুলৰ চাৰে শিকাইছিল..
দুনিয়া জ্ঞান আৰু গৰিমাৰে চলে-!
……আজি কিন্তু দেখিছো ককাই–
দুনিয়াচোন মতলব আৰু কৌশলৰেহে চলে
বেচা-কিনাৰ বেহাৰে দুনিয়া হালে-জালে-
মানৱীয় অনুভূতি আত্মীয়তা
সাহিত্য সংস্কৃতি সমাজৰ কিৰিটিৰ
 ক্ৰেতা-বিক্ৰেতাই নিলৰ্জ্জ হাঁহি মাৰে-।।
কিয় ককাই,,,
উপবাস কেৱল অন্নৰেই হে হয়-!
মিছা,লালসা, কু-বিচাৰ
আত্ম স্বাৰ্থ ,অলিক স্বপ্নৰো
উপবাস কিয় তথাকথিত ভদ্র
শিক্ষিত সাহিত্যিক সংস্কৃতিবান
জাতিপ্ৰেমি কৌশলী দলৰ ন’হয়-!
আজি —
জাগ্রত হ’ -অ, ককাই,,
ন’হলে এই দলেই তোৰ মোৰ লগতেই
সমাজ জাতি ভাষাটো নিলাম কৰিব পাৰে,
সন্মান প্রদর্শনৰ প্ৰদৰ্শনীৰ খেলাৰে
মৰ্যাদাৰ বজৰুৱা খেলা খেলিব পাৰে,,
মূল্যবোধৰ সুন্দৰ মালাৰ পৰা..
সমাজৰ বিশিষ্ট আসন বিভূষণলৈকে
সকলোৰে ৰমৰমীয়া বজাৰ খুলিব পাৰে,
নিৰ্বাচনৰ জিতৰ পৰা- চাকৰিৰ চিটলৈ
কেলেংকাৰি কৰিব পৰে,,
ব্যক্তিত্ব  মেধা প্ৰতিভা সৃষ্টি কৃষ্টিও বলি দিৱ পাৰে-।।
ককাই,,,
ইয়াত সকলো কিনা-বেচা হয়
ক্ৰয় ন’হয় আচল গুণীৰ উচিত জ্ঞান
প্ৰকৃত শিল্পী- সাহিত্যিকৰ সাধনা-ধ্যান,
বিক্রী ন’হয়…
ইমানদাৰৰ মহঙা-“ইমান আৰু স্বভিমান “।।