বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস
আপোনালোকে মোৰ বাবে এতিয়ালৈ যিখিনি কৰিলে,তাৰ প্ৰত্যুত্তৰ দিবলৈ মোৰ একো নাই।মই অনুভৱ কৰিছো যে,মই যেন পাব লগীয়াতকৈয়ো বেছিকৈ পাইছোঃড° নগেন শইকীয়া
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আপোনালোকে মোৰ বাবে এতিয়ালৈ যিখিনি কৰিলে,তাৰ প্ৰত্যুত্তৰ দিবলৈ মোৰ একো নাই।মই অনুভৱ কৰিছো যে,মই যেন পাব লগীয়াতকৈয়ো বেছিকৈ পাইছো।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ অভিলাষী কাযসূচীত মই আনন্দিত হোৱাৰ লগতে মোক এখন লাইফ চাইজৰ প্ৰশস্ততি পত্ৰ প্ৰদান কৰাত সঁচাকৈয়ে মই অভিভূত হৈছো —–প্ৰথিতযশা সাহিত্যিক,প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ড° নগেন শইকীয়াই আজি এনেদৰেই মন্তব্য কৰে।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ক্লাবৰ তৰফৰ পৰা বৰেণ্য সাহিত্যিক গৰাকীক “জীৱনজোৰা সাধনাা বঁটা” চহৰখনৰ জীৱন ফুকন নগৰস্থিত বাসগৃহ বৰ্ণমালাত আনুষ্ঠানিকভাবে প্ৰদান কৰাৰ সময়ত ক্লাবৰ সদস্য সকলৰ আগত সদৰী কৰি পুনৰাই কয়-বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এনে বিলাক কাম-কাজত মই নিজকে সম্বৰণ কৰিব নোৱাৰা হৈছো।জীৱনত বহু সম্ভাষণ, সম্বৰ্ধণা পাইছোঁ,কিন্তু জীৱনত প্ৰথম বাৰৰ বাবে এনে এখন লাইফ চাইজৰ প্ৰশস্তি পত্ৰ পাইছো।এই আপাহতে মই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সকলো সদস্য-সদস্যাক ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধা আৰু আন্তৰিক ভালপোৱা জনাইছো।দেশৰ সেৱা কৰিবলৈ,মানুহৰ সেৱা কৰিবলৈ,ডিব্ৰুগড় চহৰৰ সেৱা কৰিবলৈ আৰু সমগ্ৰ ডিব্ৰুগড়ৰ সেৱা কৰিবলৈ যাতে শক্তি আৰু সাৰ্মথ্য প্ৰদান কৰে,তাৰ বাবে মই পাৰ্থনা জনাইছো।ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অতিজৰে পৰা এক ভয়াবহতাৰ স্বৃষ্টি কৰি আহিছে।তেনেস্থলত চৰকাৰে যিদৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিব লাগিছিল,তেনদৰে কৰা পৰিলক্ষিত হোৱা নাই।মইও বহুবাৰ লেখা-মেলা কৰিলো।কিন্তু বিশেষ ফল নধৰিল।আজিও আমি ডিব্ৰুগড়বাসীয়ে ব্ৰহ্মপুত্ৰৰ বিভিষীকাৰ পৰা মুক্ত হব পৰা নাই।সেয়ে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাংবাদিক সকলে সম্পূৰ্ণকৈ উক্ত কথাসমূহ ভালদৰেই ফহিয়াই বাতৰি যুগুত কৰি চৰকাৰৰ,প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰক।যাতে এক সুস্থিৰ সমাধানৰ সূত্ৰ উদভাৱন হয় বুলি প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াই ব্যক্ত কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিশংতিতম প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা “জীৱনজোৰা সাধনা বঁটাত আছে অংগ বস্ত্ৰ,এখন বান কাঁহী,এটা সু-দৃশ্য স্মাৰক, পাঁচ ফুট উচ্চতা আৰু তিনি ফুট বহলৰ এখন বিশাল সম্বৰ্ধনা পত্ৰ।উক্ত অনুষ্ঠানত ক্লাবৰ সভাপতি মনজিৎ বৰা,উপ-সভাপতি বিভাস দুৱৰা,সম্পাদক ৰাতুল গোহাঁই,যাদৱ গগৈ,মুক্তামনি হাজৰিকা,জিতু দাস,অজয় গগৈ,দিৱাকৰ দত্ত, আদি উপস্থিত থাকে। আনহাতে বিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী হিচাপে আজি পুৱা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই ক্লাবৰ পতাকা উত্তোলন কৰা লগতে প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঞিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতেই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰা, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, ক্লাবৰ প্ৰাক্তন সম্পাদক পেইম থি গোহাঁইয়ে একোটাকৈ সাঁচি গছৰ পুলি ৰূপন কৰে। আনহাতে সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° প্ৰশান্ত দিহিঙীয়া, সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ইকবাল আহমেদ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° শশীকান্ত শইকীয়া,অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ ভূৱন মোহন গোস্বামীসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা খনৰ সাংবাদিক সকলক লৈ “নতুন ফৌজদাৰী আইন” সন্দৰ্ভত অনুষ্ঠিত হোৱা কৰ্মশালাত ডিব্ৰুগড় ন্যায়িক দণ্ডাধিশ আদালতৰ ন্যায়িক দণ্ডাধিশ অভিজিত শইকীয়া, ডিব্ৰুগড় ন্যায়িক আদালতৰ বিশিষ্ট অধিবক্তা আলোক কৰ দুৱৰা সমল ব্যক্তি হিচাবে উপস্থিত থাকে।ডুলিয়াজান সন্মিলিত সাংবাদিক মঞ্চ ,ডুলিয়াজান সাংবাদিক সন্থা, চাবুৱা প্ৰেছ ক্লাব,টেঙাখাত প্ৰেছ ক্লাব, লাহোৱাল প্ৰেছ ক্লাব, বৰবৰুৱা প্ৰেছ ক্লাব,খোৱাং প্ৰেছ ক্লাব,মৰাণ প্ৰেছ ক্লাব, মৰাণহাট প্ৰেছ ক্লাব, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিষয়ববীয়া, সদস্য আৰু সচেতন লোক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মশালাত নতুনকৈ প্ৰৱৰ্তন হোৱা ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সন্দৰ্ভত সুন্দৰ বিশ্লেষণ আগবঢ়ায়।অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন হাজৰিকা, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস দত্ত, প্ৰাক্তন সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, প্ৰাক্তন সম্পাদক অনিল কুমাৰ পোদ্দাৰ, মটক যুৱ ছাত্ৰ সন্মিলনৰ উপ-সভাপতি অজয় গগৈ, ডিব্ৰুগড় জিলাৰ অগপৰ সাধাৰণ সম্পাদক গণেশ গগৈ, বিজেপিৰ জিলা সভাপতি উজ্বল কাৰ্শ্যপ, ডিব্ৰুগড় জিলাৰ উন্নয়ণ প্ৰাধীকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ, ডিব্ৰুগড় সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মীনাক্ষী দাস বৰুৱা, যুৱ-উপন্যাসিকা অৰ্পনা ফুকন দাস, লেখিকা উৎপলা দাস, লেখিকা সন্হাৰ সম্পাদিকা উদয়ন্তী হাজৰিকা,লোক সংগীতৰ সাধক জিতেন দাসকে প্ৰমুখ্যে কৰি বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া,দল- সংগঠনৰ বিষয়ববীয়া, বিশিষ্ট লোক, ক্লাবৰ শুভাকাংক্ষী সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানতে বিশিষ্ট শিল্পী ভূৱন গগৈ পৰিচালনাত এটা সমবেত সংগীত পৰিবেশন কৰা লগতে নৃত্যাংগন কলা কেন্দ্ৰৰ অধ্যক্ষা ৰুবী গগৈ সন্দিকৈ পৰিচালনাত এটি সুন্দৰ দলীয় নৃত্যৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠান শিক্ষাবিদ অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটা’খোৱাংৰ জেষ্ঠ সাংবাদিক বাবুল সোনোৱাললৈ আগবঢ়োৱা হয় এই বঁটাত অংগ বস্ত্ৰ, বঁটা, প্ৰশস্তি পত্ৰ, স্মাৰক,পিটলৰ জাপি,নগদ সাত হাজাৰ টকা প্ৰদান কৰা হয়।