বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ শ্ৰদ্ধাঞ্জলি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰথম গৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ৯ আগষ্টত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয়। অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩৩ সংখ্যক মৃত্যু দিৱস উপলক্ষে তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰতিখন চৰকাৰেই এই ক্ষেত্ৰত বিফল হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ্য সাংবাদিক,অসম আদিত্য কাকতৰ সম্পাদক,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি মনজিৎ বৰাই কমলা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি কয় যে, এগৰাকী সাংবাদিকেই নহয়, শিক্ষাবিদ আৰু এগৰাকী মুক্তি যুঁজাৰু কমলা শইকীয়াই কলমৰ জৰিয়তে প্ৰতি সময়ত সমাজখনক দিশ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আহিছিল। কিন্তু সেই গৰাকী ব্যক্তিক নিজ ঘৰৰ পৰা উঠাই নি অতি নিৰ্মম ভাৱে হত্যা কৰিলে। ইয়াৰ পাছতো তদন্ত কাৰী আৰক্ষীয়ে সেই ঘটনাৰ উচিত তদন্ত কৰিবলৈ সক্ষম নহ’ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হত্যাকাৰী লগতে তদন্ত কাৰী আৰক্ষীকো উচিত শাস্তিৰ দাবী জনায় । তেওঁ লগতে সাংবাদিক সকল বিভিন্ন সময়ত জীৱনৰ প্ৰতি ভাবুকি আহিব লগা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি কয় যে, চৰকাৰক সাংবাদিক সকলক বীমাৰ ব্যৱস্থা কৰিবলৈয়ো আহ্বান জনায়। আনহাতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰাই ইতিমধ্যে ৩৩ টা বছৰৰ পাছতো সমাজৰ বাবে কাম কৰি যোৱা এজন ব্যক্তিৰ হত্যাৰ সুবিচাৰ দিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি কয় যাৰ বাবে ইজনৰ পিছত সিজনকৈ সাংবাদিক নিগ্ৰহ হ’ব লগা হৈছে, হত্যা হ’ব লগা হৈছে। সেয়েহে তেওঁ সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায়।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিব্ৰুগড়ৰ অন্যান্য ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ সাংবাদিক সকল উপস্থিত থাকি শ্বহীদ সাংবাদিক কমলা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।