বৃহত্তৰ কটাহবাৰী অঞ্চল সমস্যাৰে ভাৰাক্ৰান্ত

pc- Dreamstime.com

বৃহত্তৰ কটাহবাৰী অঞ্চল সমস্যাৰে ভাৰাক্ৰান্ত

অনলাইন বাৰ্ত্তাসেৱা– বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজধানী মহানগৰখনৰ বিভিন্ন অঞ্চল। তেনে এক সমস্যাৰে জৰ্জৰিত অঞ্চল হʼল বৃহত্তৰ কটাহবাৰী অঞ্চলটো। গুৱাহাটী পৌৰ নিগমৰ ৬ আৰু ৭ নং ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলটোৰ অধিকাংশ বাট-পথৰে অৱস্থা অতি শোচনীয়। কটাহবাৰী পাহাৰ অঞ্চলৰ বহু উপপথৰ শোচনীয় অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত অঞ্চলবাসী দুৰ্ভোগ ভুগিব লগা হৈছে। মেৰামতিৰ শোচনীয় হৈ পৰা পথেৰে যাতায়ত কৰোতে পথচাৰীসকলেও দুৰ্ভোগ ভুগিব লগা হৈছে। অঞ্চলবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয়। পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি সকলো চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত কটাহবাৰীবাসীয়ে বাৰিষা ব্যক্তিগত উদ্যোগত খন্দোৱা কুঁৱা, টিউবৱেল, গভীৰ নলী-নাদ আদিৰ পানীৰে চাহিদা পূৰণ কৰে যদিও খৰালি এই উৎসমূহৰ হʼব লগা হয়। আৰ্থিকভাৱে স্বচ্ছলসকলে ব্যক্তিগত পানী যোগান প্ৰতিষ্ঠানৰ পৰা পানী ক্ৰয় কৰি চাহিদা পূৰণ কৰে যদিও দুখীয়া লোকসকল খোৱাপানীৰ সমস্যাৰ সন্মুখীন হʼব লগা হয়। তেনেদৰে অঞ্চলটোত নিতো সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনা পৌৰ নিগমে তিনি-চাৰি দিনৰ মূৰতহে সংগ্ৰহ কৰি লৈ যায়। আনহাতে অঞ্চলটোৰ বাট-পথত পৰ্যাপ্ত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নথকাৰ ফলত নিশাৰ ভাগত যাতায়ত কৰ পথচাৰী সমস্যাৰ সন্মুখীন হʼব লগা হয়। ষ্ট্ৰীট লাইটৰ অভাৱত আন্ধাৰত ডুব গৈ থকা স্থানত দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। তেনেদৰে প্ৰদূষণ, ভূমিস্খলন, মাটি পট্টা আদি বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত অঞ্চলবাসীৰ সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

 

(RT)