বৃদ্ধাশ্ৰম- কণিকা মজুমদাৰ বৰদলৈ

Pc-Aurum Senior and Assisted Living

বৃদ্ধাশ্ৰম ( এটি গীত )

কণিকা মজুমদাৰ বৰদলৈ
ডিব্ৰুগড়,অসম,ইণ্ডিয়া

মই কেতিয়াও
বিচৰা নাচিলো
সকলোকে এৰি যাবলৈ
সময়ে যে লৈ গ’ল
মোক বৃদ্ধাশ্ৰমলৈ ৷
সোণৰে পঁজাটিক বিদায় দি
ওলালো চিৰদিনলৈ
সময়ে যে লৈ গ’ল
মোক বৃদ্ধাশ্ৰমলৈ ৷

মৰম-চেনেহবোৰ
কেনেকৈ পাহৰি যাওঁ
দুখ-বেদনাৰে
আজি আগুৱাওঁ৷
হৃদয়ে মৰমৰ মাত বিচাৰে
অতীতৰ কথাই
মোক হতাশা কৰে ৷

সকলোৰে যেন মই অৱহেলিত
পাহৰি গ’ল ,মই যে জীৱিত৷
শাৰিৰীক ভাৱে,আৰ্থিক ভাৱে
মই যে অক্ষম,
সেয়ে মোৰ স্থান হ’ল
আজি বৃদ্ধাশ্ৰম ৷