বৃথা সপোন – হিমাদ্ৰী বৰকটকী

pc- pexels

বৃথা সপোন 

মই বাৰে বাৰে উজুতি খাওঁ যানা !
আজিকালি প্ৰেমত পৰিবলৈ বৰ ভয় লাগে
মন সমুদ্ৰত উটি ভাহি থকা সপোনবোৰ
সপোন হৈয়েই ৰ’ল…
দুদিনীয়া প্ৰেমে দি থৈ যায়
আশাৰ বতৰা…
মনটো উৰি যায় দুৰ দুৰনিলৈ
বিলিন হৈ যাওঁ প্ৰকৃতিৰ বুকুলৈ
উসঃ! কি মাদকতা…
সপোনত কথা পতা অবুজ ভাষাটি
নিশাটো পাৰ হয় শিতানৰ গাৰু সাবতি
কিন্তু আজিকালি প্ৰেমত পৰিবলৈ
ভয় লাগে যানা !
কিজানি আকৌ ক্ষত-বিক্ষত
হৈ যাব নেকি সপোনবোৰ…
বৃথা প্ৰেমৰ আৰু
সপোন নেদেখোঁ মই
উস! কি যন্ত্ৰণা
এই মন সমুদ্ৰত…

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২নং উপপথ
নগাঁও