(শিশু কবিতা)
বুধিয়ক শিয়াল আৰু কাউৰী
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী, বৰপেটা
এজনী কাউৰীয়ে এবাৰ পাইছিল
এটুকুৰা মঙহ ক’ৰবাত,
মুখত মঙহলৈ উৰি গৈ বহিল
এজোপা গছৰ ডালত।
হঠাৎ দেখিলে চতুৰ শিয়ালে
মঙহ কাউৰীৰ ঠোঁটত,
গছৰ তলত বহি শিয়ালে ক’লে,
“কিযে সুৰীয়া তোমাৰ মাত!
বহুদিন ধৰি শুৱলা সংগীত
তোমাৰ মুখত শুনা নাই,
তোমাৰ শুৱলা গীতটি শুনাবা
কাকুতি কৰিছোঁ ভাই।”
শিয়ালৰ কথাত কাউৰীয়ে ভোলগৈ
“কা কা” বুলি মাতিলে,
মঙহ টুকুৰা হঠাৎ সৰি পৰিল
চতুৰ শিয়ালে পালে।
মঙহ টুকুৰা লৈ শিয়ালে দৌৰি
পলাল গহীন হাবিলৈ,
বেচেৰা কাউৰীয়ে বেজাৰ মনেৰে
গুচি গ’ল নিজ ঘৰলৈ।
মৰমৰ বাচাহঁত কাৰো ছলাহী কথাত
কদাপি নাযাবা ভোল,
কাউৰীৰ দৰে হাতে হাতে পাবা
তোমাৰ নিজ কৰ্ম ফল।