বীৰ লাচিতৰ গ্ৰন্থ অনুবাদ হ’ব ২৩টা ভাষালৈ

বীৰ লাচিতৰ গ্ৰন্থ অনুবাদ হ’ব ২৩টা ভাষালৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই ইংৰাজী ভাষাত ৰচনা কৰা ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দুর্জেয়, পৰাক্ৰমী হোৱা সত্ত্বেও লাচিত বৰফুকনৰ নাম অসমৰ সীমাৰ বাহিৰলৈ ইমান বছৰে গতি কৰিব পৰা নাছিল। লাচিত বৰফুকনৰ খ্যাতি আৰু মহিমা দেশৰ চাৰিওফালে বিয়পি নপৰাৰ কাৰণ লাচিত বৰফুকনৰ ৰণক্ষেত্ৰত থাকিবলগীয়া নেতৃত্বৰ গুণ আৰু দক্ষতাৰ অভাৱ নাছিল। দক্ষতা আৰু গুণৰ অভাৱ আছিল লাচিতৰ উত্তৰাধিকাৰী আমাৰ অসমীয়াসকলৰ। আমি অসমীয়াসকলে লাচিতক বিশ্বৰ বৰসবাহলৈ লৈ যোৱাত ক’ৰবাত নহয় ক’ৰবাত কৃপণালি কৰি আছিলোঁ। ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ভাৰতৰ ইতিহাস অধ্যয়ন কৰা প্ৰতিগৰাকী পাঠকে নিশ্চয় এই কথা স্বীকাৰ কৰিব- ভাৰতীয় ইতিহাস বুলি ক’লে আমি সাধাৰণতে যি ইতিহাস পঢ়িবলৈ পাওঁ, সেয়া হৈছে ইছলামিক শাসক আৰু মোগল সাম্রাজ্যক মহিমামণ্ডিত কৰা কেতবোৰ বিস্তৃত অধ্যয়নৰ সংকলন। ৫ হাজাৰ বছৰীয়া মহিমাময় ইতিহাস থকা সত্ত্বেও আৰু নিজৰ শৌর্য-বীর্য, সু-শাসন আৰু দূৰদৃষ্টিৰে ভাৰতৰ বিশাল সাম্রাজ্য নিৰ্মাণ কৰাৰ পাছতো ভাৰতীয় ইতিহাসত বীৰ-বীৰাংগনাসকল অনাদৃত হৈ আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আমাক সদায় কয়- আমি আমাৰ ইতিহাস নিজে লিখিব লাগিব। আৰু এই সঁচা ইতিহাস ভাৰতৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ আহিব লাগিব। ইতিহাস বিকৃতকৰণেৰে আমাক এই ধৰণে বুজাই দিয়া হৈছিল যেন ঔৰংগজেবে সমগ্ৰ ভাৰতবৰ্ষ জয় কৰি এই দেশত মোগল আধিপত্য স্থাপন কৰিছিল। দৰাচলতে ই অর্ধসত্য। সত্য হৈছে- ঔৰংগজেবৰ আগ্রাসী সাম্রাজ্যবাদৰ সময়তো দেশত বহুতো মহান ভাৰতীয় শাসকৰ এনে কেতবোৰ ৰাজ্য বা অঞ্চল আছিল য’ত ঔৰংগজেবে কেতিয়াও জয় কৰিব পৰা নাছিল বা জয় কৰিলেও দীঘলীয়া সময়ৰ বাবে নিজৰ অধীন কৰি ৰাখিব পৰা নাছিল।  অতি কম সময়ৰ বাবে আহোম ৰাজ্য নিজৰ দখলত ৰখাৰ আশা বাদ দি অসমত মোগলৰ স্থায়ী শাসন প্ৰৱৰ্তন কৰিব পৰা নাছিল। আহোম ৰাজ্য আৰু সাম্রাজ্য কেতিয়াও মোগল সাম্ৰাজ্যৰ অংগ নাছিল। আহোম আৰু মোগলৰ মাজত হোৱা দীঘলীয়া সংঘাতৰ সময়ত বেছিভাগ সময়তে আহোম সেনাই মোগলক পৰাস্ত কৰি ওভতাই পঠিয়াইছিল। সপ্তদশ শতিকাৰ দ্বিতীয়ার্ধত ঔৰংগজেবে পঠিওৱা বিশাল সৈন্য বাহিনীৰ আক্ৰমণত যি এক জটিল সংকটৰ সন্মুখীন হৈছিল, সেই সংকটৰ সময়ত নিজৰ অনন্য সাহস আৰু বীৰত্বৰে লাচিত বৰফুকনে জাতিৰ ত্রাণকর্তা হিচাপে আত্মপ্রকাশ কৰিছিল। অসমৰ ভূমিত মোগলৰ আগ্রাসন চিৰদিনলৈ ৰুদ্ধ কৰিছিল শৰাইঘাট যুদ্ধই আৰু সেই যুদ্ধৰ অবিস্মৰণীয় নায়ক আছিল লাচিত বৰফুকন। শৰাইঘাট যুদ্ধৰ পূৰ্বে আৰু সেই যুদ্ধৰ সময়ত লাচিত বৰফুকনে যি জটিল অথচ সফল ৰণকৌশল ব্যৱহাৰ কৰিছিল, তাৰ তুলনাত ভাৰতবৰ্ষত সংঘটিত হোৱা যুদ্ধৰ ইতিহাসত অতি বিৰল। লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই ভাৰতৰ উত্তৰ-পূব দিশে মোগল সাম্রাজ্য অগ্ৰসৰ হোৱাৰ দিশে অভিযান সফলতাৰে ব্যৰ্থ কৰিছিল। যি সময়ত ভাৰতবৰ্ষৰ কেইবাটাও অঞ্চল মোগল সাম্ৰাজ্যৰ অধীনত আছিল, সেই সময়ত লাচিত বৰফুকনৰ বীৰত্বই মোগল সম্রাট ঔৰংগজেবৰ সাম্রাজ্যবাদী পৰিকল্পনাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। লাচিত বৰফুকনৰ পৰাক্ৰম, কৌশল আৰু পৰিকল্পনাত আনকি মোগল সেনাপতি ৰজাৰাম সিংহও মুগ্ধ হৈছিল। এনে এক গৌৰৱোজ্জ্বল ইতিহাস থকা সত্ত্বেও লাচিতৰ গৌৰৱগাথা ভাৰতীয় ইতিহাসত উপেক্ষিত হৈ থকাটো নিশ্চয় উদ্বেগজনক। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই সীমাবদ্ধতাক অতিক্রম কৰি অসম চৰকাৰে ২০২২ চনৰ ২৩ৰ পৰা ২৫ নৱেম্বৰলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত লচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ আয়োজন কৰে। ৰাজ্যৰ চাৰিসীমাত আবদ্ধ হৈ থকা লাচিত বৰফুকনৰ সাহস, বীৰত্ব আৰু স্বদেশপ্ৰেমৰ গাথা দেশবাসীৰ সন্মুখত তুলি ধৰাৰ বাবেই নতুন দিল্লীত সেই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। উক্ত কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্দীপ্ত ভাষণ আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পৰামৰ্শই আমাক উজ্জীৱিত কৰিছিল। সেই অনুষ্ঠানতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লাচিত বৰফুকনৰ বীৰগাথাক লৈ এখন গ্রন্থ ৰচনা কৰাৰ লগতে ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰাৰ পৰামৰ্শ দিছিল। সেই পৰামৰ্শৰ ভিত্তিতে অসম চৰকাৰে আজি এই গ্রন্থ উন্মোচনী কার্যসূচী গ্রহণ কৰে। ইয়াৰ উপৰি তেওঁ যেতিয়াই কেন্দ্রীয় গৃহমন্ত্রীক লগ পাইছিল, তেতিয়াই লাচিত বৰফুকনৰ গ্ৰন্থৰ বিষয়টো উল্লেখ কৰি আহিছে। ইয়াৰ বাবে তেওঁ অসমবাসী ৰাইজৰ হৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা লোকসভা নিৰ্বাচনৰ পাছতে ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ নামৰ মূল গ্রন্থখন যি ২৩টা ভাৰতীয় ভাষাত অনুবাদ কৰা হৈছে, সেই অনুবাদ গ্রন্থসমূহ সংশ্লিষ্ট ৰাজ্যলৈ গৈ উক্ত ৰাজ্য চৰকাৰৰ সহযোগত উন্মোচন কৰা হ’ব।